14 C
Guwahati
Sunday, January 23, 2022
More

    Happy Birthday MS Dhoni: ভাৰতীয় ক্ৰিকেট দলটোৱে কেতিয়াও নাপাব আন এজন ধোনী; আহক জানো তেওঁৰ বিশেষ কেইটামান কথা

    আজি এম এছ ধোনীৰ জন্মদিন। ধোনী আজি ৩৯ বছৰৰ হ’ব।

    ধোনীয়ে ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰিছিল ২০০৪ত।

    বৰ্তমান সময়ত ধোনী খেলৰ পৰা দূৰত আছে যদিও আজিও তেওঁক গ্ৰেট ফিনিছাৰ নামেৰে জনা যায়।

    ২০০৮ আৰু ২০০৯ বৰ্ষত ধোনীয়ে ICC এদিনীয়া খেলুৱৈৰ খিতাপ অৰ্জন কৰিছিল।

    ধোনীৰ যিমানে বয়স বাঢ়ি গৈ আছিল সিমানেই তেওঁ খেলপথাৰত আৰ্কষণীয় প্ৰদৰ্শন দেখুৱাইছিল।

    তেন্তে আহক জানো ধোনীৰ কেইটামান ৰেকৰ্ডৰ বিষয়ে যিয়ে তেওঁক এজন সুদক্ষ কেপ্টেইনৰ লগতে এনেকুৱা এজন খেলুৱৈ যাৰ ৰেকৰ্ড ভংগ কৰাৰ কথা কোনেও ভাবিব নোৱাৰে।

    ১. ধোনীৰ নামত ICCৰ তিনিটা ডাঙৰ ট্ৰফী আছে। ইয়াৰে ২০০৭ৰ ৱল্ড টি-২০, ২০১১ৰ ৱৰ্ল্ড কাপ আৰু ২০১৩ৰ ICC চেম্পিয়ঞ্চ ট্ৰফী অন্তৰ্ভুক্ত।

    টীম ইণ্ডিয়াক ধোনীয়ে ICCৰ টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান লাভ কৰাইছিল।

    ২. ধোনী তৃতীয়জন সফল উইকেট কিপাৰ যিয়ে নিজৰ ৫০০খন মেচত ৭৮০ গৰাকী খেলুৱৈক পেভেলিয়ন পঠাইছিল।

    ইয়াৰে প্ৰথম স্থান প্ৰাপ্ত হ’ল দক্ষিণ আফ্ৰিকাৰ মাৰ্ক বাউচাৰ আৰু দ্বিতীয় স্থান প্ৰাপ্ত হ’ল অষ্ট্ৰেলিয়াৰ এডম গিলক্ৰিষ্ট।

    যিয়ে ৯৯৮ আৰু ৯০৫জন খেলুৱৈক উভতাই পঠাইছিল।

    ৩. ধোনীয়ে আটাইতকৈ অধিক ষ্টামপিং কৰাৰো ৰেকৰ্ড আছে।

    তেওঁ বৰ্তমানলৈ মুঠ ১৭৮ ষ্টামপিং কৰিছে।

    ৪. টি-২০ত ধোনী আটাইতকৈ সফল উইকেটকিপাৰ। তেওঁৰ নামত ৮২টা উইকেট।

    ৫. এম এছ ধোনীয়ে প্ৰথমখন এদিনীয়া আৰু টেষ্ট শতক মাৰিছিল পাকিস্তানৰ বিৰুদ্ধে থকা খেলত।

    তেওঁ ১৪৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল।

    ৬. ধোনীয়ে এদিনীয়া মেচত বৰ্তমানলৈ মুঠ ২১৭টা ছয় মাৰিবলৈ সক্ষম হৈছে।

    এই তালিকাত ধোনীৰ নাম চতুৰ্থ স্থানত।

    কেপ্টেইন হৈ থাকোতেও ধোনীয়ে আটাইতকৈ অধিক ছয় মাৰিছে।

    ৭. ধোনীৰ নামত আন এটা অসাধাৰণ ৰেকৰ্ড আছে য’ত তেওঁ আটাইতকৈ অধিক ৰান কৰিছে হাফ চেঞ্চুৰী নোহোৱাকৈ।

    ধোনীয়ে ১০০০ ৰান অৰ্ধশতক নোহোৱাকৈ কৰিছে।

    ৮. সপ্তম স্থানত বেটিং কৰি আটাইতকৈ অধিক শতকৰ ঘৰ দখল কৰিছে।

    এই স্থানত বেটিং কৰি ধোনীয়ে মুঠ ২টা শতক মাৰিবলৈ সক্ষম হৈছে।

    ৯. ধোনীয়ে মুঠ ৯ বাৰ বলিং কৰিছে, য’ত তেওঁ প্ৰথমটো উইকেট লৈছিল ২০০৯ত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলত।

    ১০. এফ্ৰো এছিয়ান কাপত মহেলা জয়বৰ্ধনৰ সৈতে ২১৮ ৰানৰ পাৰ্টনাৰশ্বিপ বৰ্তমানলৈ আটাইতকৈ শীৰ্ষ পাৰ্টনাৰশ্বিপ,

    যিয়ে ৱৰ্ল্ড ৰেকৰ্ডো কৰিছে।

    ১১. ধোনী প্ৰথমগৰাকী খেলুৱৈ যিয়ে ICC ৱানডে ক্ৰিকেটাৰ অব দ্যি ইয়াৰ এৱাৰ্ড দুবাৰকৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

    Photo Credit: DNA India

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং