27 C
Guwahati
Wednesday, September 28, 2022
More

    Breaking: মৰিগাঁৱত হস্তনিৰ্মিত পিষ্টল, গুলী, এখন বিলাসী গাড়ীসহ ৬ যুৱক গ্ৰেপ্তাৰ

    ধৃত যুৱককেইজনৰ নাম ছেলিমউদ্দিন, ফকৰউদ্দিন, আতিকুল ইছলাম, ছাদ্দাম হুছেইন, মজিবুৰ ৰহমান আৰু মাজৰুল আলম

    মৰিগাঁৱৰ লাহৰীঘাট থানাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাটি গাঁৱত বুধবাৰে নিশা এটা হস্তনিৰ্মিত পিষ্টল, এটা সজীৱ গুলী আৰু এখন বিলাসী গাড়ীসহ ৬ জনীয়া যুৱকৰ দল এটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত যুৱককেইজনৰ নাম ছেলিমউদ্দিন, ফকৰউদ্দিন, আতিকুল ইছলাম, ছাদ্দাম হুছেইন, মজিবুৰ ৰহমান আৰু মাজৰুল আলম। আটাইকেইজনৰে ঘৰ নগাঁৱৰ জুৰীয়াত। যুৱকৰ দলটোৱে লৈ অহা AS 02 AA- 7686 নম্বৰৰ চেণ্ট্ৰ’ বিলাসী গাড়ীখন আৰক্ষীয়ে জব্দ কৰে।

    উল্লেখ্য যে নগাঁৱৰ জুৰীয়াৰ এই ৬ জনীয়া যুৱকৰ দলটোৱে বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত সাপকাটি গাঁৱৰ আৰজ আলীৰ ঘৰত বুধবাৰে নিশা ৯ বজাত আহিছিল। ধৃত ছেলিমউদ্দিনৰ পত্নীক পিতৃ গৃহৰ পৰা ভয় ভাবুকি দেখুৱাই নিব আহিছিল যুৱকৰ দলটোৱে। আনহাতে ছেলিমউদ্দিনে শহুৰেক আৰজ আলীক গুলীয়াই মৰাৰো ভাবুকি দি আহিছিল। দীৰ্ঘদিনে ছেলিমউদ্দিনে পত্নীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল। অৱশেষত বিগত কেইদিনমান ধৰি নিৰ্যাতিতা পত্নীয়ে দুই সন্তানক লগত লৈ পিতৃৰ ঘৰত আছিল।

    Photo: Time8

    Input: Wasim Hussein

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং