25 C
Guwahati
Wednesday, March 29, 2023
More

    ব্যৱসায়িক প্ৰতিষ্ঠানত হেণ্ড গ্ৰেণেড থৈ যোৱা যুৱকক গণপ্ৰহাৰ;উত্তপ্ত পৰিস্থিতি মৰিয়নীত

    মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা আৰু চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰাকো বহু সময় ধৰি আবদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে

    মৰিয়নীৰ ডানি গাঁৱত উতপ্ত পৰিস্থিতি। বিকি নামৰ এজন যুৱকক গণপ্ৰহাৰ। নিউ সোণোৱালৰ ৰাম দাস নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিকিয়ে এটা হেণ্ড গ্ৰেণেড থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে হেণ্ড গ্ৰেণেডটো উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ৰাম দাসক।

    ইয়াৰ পিছতে বিকিৰ বিৰুদ্ধে ৰাম দাসৰ মাতৃয়ে মৰিয়নী আৰক্ষী থানাত এজাহাৰ দিছিল যদিও গোচৰ পঞ্জীয়ন কৰা নাছিল আৰক্ষীয়ে। আনহাতে আজি স্থানীয় ৰাইজে অভিযুক্ত বিকি দে’ক কৰায়ত্ত কৰি গণপ্ৰহাৰ কৰে।

    গণপ্ৰহাৰৰ বলি হোৱা যুৱকজনক উদ্ধাৰৰ বাবে যোৱা মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা আৰু চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰাকো বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে উত্তেজিত ৰাইজে। 

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং