33 C
Guwahati
Monday, September 26, 2022
More

    হাইলাকান্দিত আৰম্ভ ‘প্লাষ্টিক বেংক’, হাইলাকান্দি জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

    হাইলাকান্দি পৌৰসভা কাৰ্যালয় প্ৰাংগনত জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে 'প্লাষ্টিক বেংক'

    একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ উদ্দ্যেশত হাইলাকান্দি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। হাইলাকান্দি পৌৰসভা কাৰ্যালয় প্ৰাংগনত জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে ‘প্লাষ্টিক বেংক’।

    এই প্লাষ্টিক বেংকত প্ৰতিগৰাকী লোকে জমা কৰিব পাৰিব ব্যৱহাৰ নোহোৱা প্লাষ্টিক সামগ্ৰীসমূহ। এই উপলক্ষে জিলা উপায়ুক্ত কিৰ্তী জাল্লীৰ সভাপতিত্বত এখন সভাৰো আয়োজন কৰা হয়। ২৬ ছেপ্টেম্বৰত উন্মোচন কৰা হয় এই প্লাষ্টিক বেংকটো।

    প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰাত বিৰত থাকিবলৈ নাগৰিকসকলক আহ্বান জনাই জল্লীয়ে ক’লে যে একক ব্যৱহৃত প্লাষ্টিক যেনে পানীৰ বটল, কভাৰ, পানীৰ পেকেট সংগ্ৰহ কৰা এয়া এটা বিন্দুহে। মই প্ৰতিগৰাকী নাগৰিকক অনুৰোধ জনাও যে তেওঁলোকে প্লাষ্টিকৰ জাৱৰ সংগ্ৰহ কৰক প্লাষ্টিক বেংকত। সংগ্ৰহিত প্লাষ্টিকৰ সামগ্ৰীসমূহ পুনঃব্যৱহাৰৰ বাবে চীমেণ্ট কাৰখানাত প্ৰেৰণ কৰা হ’ব অথবা পকী ব্লক প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হ’ব।

    সভাৰ পিছতে জিলা উপায়ুক্ত হাইলাকান্দিৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ যিসকল ব্যৱসায়ীয়ে সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে সেইসকলক সম্বৰ্ধনা জনায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং