26 C
Guwahati
Friday, October 7, 2022
More

    হাগ্ৰামাই যি ১৫জনীয়া প্ৰাৰ্থী দিছে, তেওঁলোকৰ এজনো জিকিব নোৱাৰেঃ নৱ শৰণীয়া

    'আলোচনাপন্থী আলফা নেতা একাংশ হাগ্ৰামা মহিলাৰীৰ বহতীয়া৷ উঠ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহে৷ সি অনুপ চেতিয়া, মিথিংগা দৈমাৰী বা প্ৰাণজিৎ চহৰীয়াই হওক

    BTADৰ ওদালগুৰিত BPF কৰ্মী খাইৰুল ইছলামক গুলীয়াই হত্যা কৰা হ’ল। BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আমাৰ দল আছে বুলি দাবী কৰিছে। আমাৰ দাবী, তেওঁৰ হাতত যদি তথ্য আছে ৰাজহুৱা কৰক। আমি CBI তদন্ত বিচাৰিছো। BTR চুক্তি হোৱাৰ এমাহ নহওতেই এই হত্যাকাণ্ড বৰ চিন্তনীয়৷ আমি আগতেই কৈছিলো যে BTC নিৰ্বাচন ৰক্তক্ষয়ী হ’ব বুলি৷ এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াই।

    ‘হাগ্ৰামাই যি পোন্ধৰজনীয়া প্ৰাৰ্থী দিছে, তেওঁলোকৰ এজনো জিকিব নোৱাৰে। BTCবাসী ৰাইজে আমাক যিমান বিশ্বাস কৰে সেই কথা BPFয়ে নাজানে৷ BTCবাসীয়ে পৰিৱৰ্তন বিচাৰিছে৷ BTR চুক্তি কৰাৰ আগত ৰাইজৰ লগত আলোচনা কৰা নাছিল। প্ৰমোদ বড়ো বাল্মীকি হ’ব বিচাৰিছে। এইবাৰ নহয়, ২০২৫ত হে প্ৰমোদ বড়োৱে BTC প্ৰধান হ’ব পাৰিব।’- এই কথা প্ৰকাশ কৰে সাংসদগৰাকীয়ে।

    আমি BTC নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰো। আমি ৪০টা সমষ্টিতে প্ৰাৰ্থী দিম। BTCৰ পৰা গাঁও কৰ্তনৰ বাবে আয়োগৰ সন্মুখত আমাৰ দলে যুক্তি দিব। আমাৰ চৰকাৰ হ’লে, প্ৰথমখন কেবিনেটতে আমি গাঁও কৰ্তনৰ প্ৰস্তাৱ ল’ম। এই ঘোষণা নৱ কুমাৰ শৰণীয়াৰ।

    ভূটানৰ লগত সম্পৰ্ক উন্নীত কৰি সীমান্তত ব্যৱসায়িক, সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা বছৰত যাতে এক কোটি মানুহে BTC পৰিভ্ৰমন কৰে তাৰ বাবে আঁচনি ল’ম৷ নিৱনুৱা সমস্যা সমাধান কৰিম। ঘোষণা সাংসদ নৱ কুমাৰ শৰণীয়াৰ।

    ‘আলোচনাপন্থী আলফা নেতা একাংশ হাগ্ৰামা মহিলাৰীৰ বহতীয়া৷ উঠ বুলি ক’লে উঠিব, বহ বুলি ক’লে বহে৷ সি অনুপ চেতিয়া, মিথিংগা দৈমাৰী বা প্ৰাণজিৎ চহৰীয়াই হওক৷ মিথিংগাই অবড়ো সুৰক্ষা কমিটিৰ হৈ কাম কৰিলে দলীয় আলোচনা পন্থী আলফা সদস্যক কোবাই খেদিব বুলি ভাবুকি দিছে।’- এই অভিযোগ নৱ কুমাৰ শৰণীয়াৰ। BTCত BPF শেষ৷ প্ৰমোদ বড়োয়ে ভাবিছে চীফ হ’ব বুলি৷ একে ৰাতিতে চীফ হ’ব নোৱাৰে৷ কংগ্ৰেছ, BJPয়েটো নোৱাৰেই৷ বাকী আমাৰ দলেই কৰিব চৰকাৰ।

    হাগ্ৰামা মহিলাৰীক কোনোবাই বচাব যায়, সিয়েই একেডাল ৰছীত ফাচ লৈ মৰিব লাগিব৷ এইবাৰ কোনোৱে বচাব নাযায় হাগ্ৰামাক। মই SP হ’লে, দুইঘণ্টাত দুৰ্নীতিৰ হিচাপ উলিয়াই দিলো হয় BTCৰ৷ আমি কও CBIক তদন্তৰ ভাৰ দিয়ক।’- মন্তব্য শৰণীয়াৰ। হাগ্ৰামা মহিলাৰী পত্নীৰ গাড়ীত আক্ৰমণ কৰাটো এখন নাটক, Emotional ভোট ল’বলৈ এই নাটক কৰা হৈছে, এই অভিযোগ শৰণীয়াৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং