অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনষ্ঠ মাজুলী শিক্ষা খণ্ডৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জ্ঞানমেলা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ ৰাৱনাপাৰ ১, ৰাৱনাপাৰ ২, দক্ষিণপাট আৰু বনগাঁও মণ্ডলৰ ৪৮ খন উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই মেলাত ৷
বিজ্ঞানক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰাৰ মানসেৰে অনুষ্ঠিত হয় বিজ্ঞানৰ মডেল প্ৰতিযোগিতা ৷ বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত বিশখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থাপন আৰ্হিয়ে মুহিলে দৰ্শকক ৷ বিজ্ঞানৰ মান উন্নয়ন, জনপ্ৰিয়তা বৃদ্ধিৰ বাবেই এই জ্ঞানমেলা অনুষ্ঠিত হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ ছাত্ৰ-ছাত্ৰীসকলে গীতে-মাতে মুখৰ কৰি তুলে জ্ঞান মেলাৰ পৰিৱেশ।
Photo Credit:@kalpajitsaikia