ভাৰতৰত চৰকাৰী বিমান কোম্পানী এয়াৰ ইণ্ডিয়াই ইয়াৰ ঘৰুৱা আৰু আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ সকলো বুকিং বন্ধ কৰি দিছে। ৩০ এপ্ৰিললৈ বন্ধ কৰি দিছে টিকট বুকিং। ১৪ এপ্ৰিললৈকে থকা লকডাউনলৈকে অপেক্ষা কৰিছে এয়াৰ ইণ্ডিয়াই। পৰৱৰ্তী নিৰ্দেশৰ বাবে অপেক্ষা কৰিছে এয়াৰ ইণ্ডিয়াই। পৰৱৰ্তী চৰকাৰী নিৰ্দেশৰ পিছতহে কোনো নতুনকৈ সিদ্ধান্ত ল’ব এয়াৰ ইণ্ডিয়াই।
বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত বিমান প্ৰতিষ্ঠানটোৰ। আনহাতে ইতিমধ্যেই লকডাউনৰ সময়ত সকলো ঘৰুৱা তথা আন্ত:ৰাষ্ট্ৰীয় বিমানৰ চলাচল বন্ধ ৰখা হৈছে। লকডাউন সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনালৈ চাই এয়াৰ ইণ্ডিয়াই লৈছে এই সিদ্ধান্ত।
Photo Credit: The Week