১ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগঅফ কৰা গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰা প্ৰথমখন আকাশীযান বন্ধ হৈ পৰিল। বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ফ্লেগঅফ কৰা হৈছিল এই বিমানসেৱা।
যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হৈ পৰিল গুৱাহাটী–ঢাকা পোণপটীয়া এই বিমানসেৱা। এই ফ্লেগঅফ অনুষ্ঠানত উপস্থিত আছিল পৰিবহন, উদ্যোগ আৰু বাণ্যিজিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড° চাহ মহম্মদ টনভিৰ মনচুৰৰ লগতে স্পাইছজেট আৰু Airport Authorityৰ বহু বিশিষ্ট ব্যক্তি।
গুৱাহাটী আৰু ঢাকাৰ মাজত নতুন বিমানসেৱাৰ আৰম্ভ কৰাত স্পাইছজেটে ৭৮খন আসনযুক্ত দুখন বিমান ওড়ান আচনিৰ অধীনত যাতায়তৰ বাবে মুকলি কৰি দিছিল। সপ্তাহত দৈনিক ১১.৫৫ বজাত গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা আৰু ২.১০ বজাত ঢাকাৰ দুখন বিমান চলাচল কৰি আছিল। এই বিমানসেৱাৰ বাবে শৈক্ষিক, স্বাস্থ্য আৰু সাংস্কৃতিক বাতাবৰন দুয়োখন দেশৰ মাজত অধিক সক্ৰিয় হ’ব বুলি আশাবাদী আছিল সকলো কিন্তু ক্ৰমে হ্ৰাস পাইছিল যাত্ৰীৰ সংখ্যা যাৰবাবে বৰ্তমান যাত্ৰীৰ অভাৱৰ বাবে বন্ধ হ’বলগীয়া হয় বিমানসেৱা।
লগতে এই বিমানসেৱা অনিৰ্দিষ্টকাললৈ বন্ধ হোৱাৰ কথা জনালে উত্তৰ-পূৰ্বাঞ্চলৰ Airport Authorityৰ ভাৰপ্ৰাপ্ত বিষয়াই। স্পাইচজেট কৰ্তৃপক্ষই তেওলোকৰ operationত কিছু আঁসোৱাহ থকাৰ বাবে বিমানসেৱা বন্ধ ৰখা বুলি জনালে উত্তৰ-পূৰ্বাঞ্চলৰ Airport Authorityৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ জিন্দালে।