19 C
Guwahati
Sunday, January 23, 2022
More

    এইবাৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ

    আক্ৰান্ত লোকজন পথটোৰ ভাড়াতীয়া বুলি জানিব পৰা হৈছে

    ক্ৰমান্বয়ে গুৱাহাটীত বাঢ়িব ধৰিছে কণ্টেইনমেণ্ট জ’ন। এইবাৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা তৰুণ নগৰৰ দীনেশ ওজা পথ। কামৰূপ মহানগৰ জিলা প্ৰশাসনে সদৰি কৰে এই ঘোষণা। আজি পুৱা প্ৰায় ১১মান বজাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পথটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

    দীনেশ ওজা পথৰ এজন ভাড়াতীয়া লোকৰ শৰীৰত কৰ’ণাৰ উপস্থিতি ধৰা পৰা পিছতে জিলা প্ৰসাশনে ছীল কৰি দিয়ে পথটো। আক্ৰান্ত লোকজন হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ এঘৰৰ ভাড়াতীয়া বুলি জানিব পৰা হৈছে। কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাক্ষৰিত জাননী এলেকাটো কনটেইনমেন্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

    ইয়াৰ পূৰ্বে মহানগৰীৰ স্পেনিছ গাৰ্ডেন, গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালৰ ১নং আৰু ৫ নং হোষ্টেল, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক এলেকা, চানমাৰীৰ অমিয় নগৰ, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী আবাসিক এলেকা, নুনমাতি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ,,ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ আশে পাশে, কুমাৰপাৰা, শান্তিপুৰ, ফটাশিল জি এচ কলনী, পানবজাৰ ৰে’লৱে কলনী, ৰুক্মিণী গাঁওৰ জিৰণী পথ, কটাহবাৰী, দঁতালপাৰা আদি এলেকাত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে।

    Photo Credit: time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং