15 C
Guwahati
Sunday, November 28, 2021
More

    গুৱাহাটীৰ পৰা গৈয়ে শোণিতপুৰত কভিডত আক্ৰান্ত ১জন, সংস্পৰ্শলৈ অহা জিলা উপায়ুক্তৰ ২ কৰ্মচাৰী আক্ৰান্ত

    ইয়াৰ পাছতে উপায়ুক্তৰ বাসভৱনৰ লগতে কাৰ্যালয়ো চেনিটাইজ কৰা হয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ ২০ জনৰ স্বাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়

    কৰ’ণা সংক্ৰমনৰ মূল ঘাটিত পৰিণত হৈছে নেকি গুৱাহাটী মহানগৰী। গুৱাহাটীৰ পৰা গৈয়ে শোণিতপুৰত কভিডত আক্ৰান্ত ১জন।

    সেই ৰোগীৰে সংস্পৰ্শলৈ অহা জিলা উপায়ুক্ত ভৱনৰ ২জন কৰ্মচাৰীয়ো আক্ৰান্ত ধৰা পৰে।

    শোণিতপুৰৰ তেজপুৰ স্থিত জিলা উপায়ুক্তৰ চৰকাৰী আৱাস ভৱনত কৰ্মচাৰীসহ গৃহৰক্ষী জোৱান কৰ’ণা ভাইৰাছত আক্ৰান্ত।

    যাৰ বাবেই জিলা উপায়ুক্তৰ ২০ কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

    কৰ’ণাত আক্ৰান্ত ধৰা পৰা পিছতেই জিলা উপায়ুক্তৰ বাসভৱনৰ লগতে কাৰ্যালয়ো চেনিটাইজ কৰা হৈছে।

    উল্লেখযোগ্য যে, তেজপুৰৰ কমাৰচুবুৰীৰ বাসিন্দা বুবুল ডেকা নামৰ ব্যক্তিজন কিছুদিন পূর্বে কৰ্কট ৰোগৰ চিকিৎসা কৰিবলৈ গুৱাহাটীলৈ আহিছিল।

    উভতি যোৱাৰ পাছতে শোণিতপুৰ জিলা উপায়ুক্ত আৱাস গৃহত গৈছিল জেৰক্স মেচিন মেৰামতি কৰিবলৈ।

    ইয়াৰ পাছতে বুবুল ডেকাৰ দেহত ধৰা পৰিছিল মহামাৰী কৰ’ণাৰ উপস্থিতি।

    আনহাতে বুবুল ডেকাৰ কভিড-১৯ পজিটিভ অহাৰ পিছত সংস্পৰ্শলৈ অহা উপায়ুক্তৰ বাসভৱনৰ দুই কৰ্মচাৰীৰ স্বাৱ টেষ্ট কৰোৱাৰ পাছত অৱশেষত ২জনৰ আহিল কভিড১৯ পজিটিভ।

    কৰ্মচাৰী গৰাকীৰ নাম তিলক পাঠক। গৃহৰক্ষী বাহিনীৰ জোৱান জনৰ নাম প্ৰফুল্ল নাথ।

    আন এগৰাকী ব্যৱসায়ী পুতুল চন্দ্ৰ বৰুৱাও কৰ’ণাত আক্ৰান্ত। উল্লেখযোগ্য যে, পুতুল চন্দ্ৰ বৰুৱাও আহিছিল বুবুল ডেকাৰ সংস্পর্শলৈ।

    ইয়াৰ পাছতে উপায়ুক্তৰ বাসভৱনৰ লগতে কাৰ্যালয়ো চেনিটাইজ কৰা হয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ ২০ জনৰ স্বাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

    আনহাতে তিনিও গৰাকী কৰ’ণা আক্ৰান্ত চিকিৎসাধীন হৈ আছে তেজপুৰ মেডিকেল কলেজ হস্পিতালত।

    Photo Credit: @Amal Nath

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং