29 C
Guwahati
Wednesday, October 13, 2021
More

    ১২ মাৰ্চত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

    মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন

    গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ দিন ঘোষণা। ১২ মাৰ্চত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। আজিৰ পৰা ১ মাৰ্চৰ দুপৰীয়া ৩ বজালৈ দিব পাৰিব মনোনয়ন পত্ৰ। ১ মাৰ্চৰ বিয়লি ৬ বজাত প্ৰকাশ কৰা হ’ব সম্ভাব্য প্ৰাৰ্থীৰ তালিকা। ২ মাৰ্চত পৰীক্ষা কৰা হ’ব মনোনয়ন পত্ৰসমূহ। সেই একেদিনাই বিয়লি ৬ বজাত প্ৰকাশ কৰা হ’ব পৰীক্ষণ কৰা মনোনয়ন তালিকা। ৩ মাৰ্চত কৰিব পাৰিব মনোনয়ন প্ৰত্যাহাৰ।

    ৪ মাৰ্চত প্ৰকাশ কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা। ১২ মাৰ্চত পুৱা ১০ বজাৰ পৰা ৪ বজালৈ হ’ব ভোটদান। ভোটদানৰ দিনাই বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা। মুঠ ৭৯৮ গৰাকী ভোটাৰে ভোটদান কৰিব। মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।

    সংবিধানৰ Article 4 অনুসৰি Executive Editor, Deputy Editor, Joint Editor, Consultant Editor, Managing Editor, Chief Associate Editor, Cheif Associate Editor, Sr. Associate Editor, Associate Editor, Chief news editor, News editor, Bureau chiefৰো ভোটাধিকাৰ থাকিব। যিসকল জেষ্ঠ সাংবাদিকে এতিয়াও আৱেদন কৰা নাই আগন্তুক ২ দিনৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব। সংবাদমেলযোগে এই কথা জনালে মুখ্য আহ্বায়ক পি জে বৰুৱা, প্ৰিজাইডিং বিষয়া অজিৎ পাটোৱাৰী, ৰিটাৰ্নিং বিষয়া বিজন মহাজনে।

    নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পদ সমূহ ক্ৰমে- সভাপতি, উপ-সভাপতি, উপ-সভাপতি (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক, সহঃ সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত ১টা), সাংগঠনিক সম্পাদক, কোষাধক্ষ্য, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং