28 C
Guwahati
Thursday, October 28, 2021
More

    খ্ৰীষ্টমাছৰ উচাহ নাই গুৱাহাটীত, CAAই সেমেকা কৰি তুলিছে মানুহৰ মন

    পাণবজাৰস্থিত গুৱাহাটী ব্যাপ্তিষ্ট গীৰ্জাইয়ো বাতিল কৰিছে তেওঁলোকৰ কাৰ্যসূচী

    গুৱাহাটী মহানগৰীত এইবাৰ উছাহ একেবাৰে কম খ্ৰীষ্টমাছক লৈ। পূৰ্বৰ দৰে আয়োজন নাই কোনো এটা গীৰ্জা ঘৰত। ‘কা’ক লৈ হৈ থকা প্ৰতিবাদৰ বাবে উলাহ-উদ্দীপনা কমি গৈছে গুৱাহাটী বাসীৰ মাজত খ্ৰীষ্টমাছৰ আয়োজন। মাজত মাথো দুটা দিন থকা অৱস্থাতো কোনো হাই-উৰুমি নাই মানুহৰ মাজত। ‘কা’ৰ প্ৰতিবাদে সেমেকা কৰি তুলিছে মানুহৰ মনবোৰ।

    তাৰেই পৰিপ্ৰেক্ষীতত গুৱাহাটীৰ পাণবজাৰস্থিত গুৱাহাটী ব্যাপ্তিষ্ট গীৰ্জাইয়ো বাতিল কৰিছে তেওঁলোকৰ কাৰ্যসূচী। প্ৰত্যেক বৰ্ষতেই কৰি অহা প্ৰাক বৰদিন কাৰ্যসুচী বাতিলৰ লগতে পিছৰ দিনা কৰা খেল-ধেমালি আৰু ভোজৰ আয়োজনো বাতিল কৰিছে ব্যাপ্তিষ্ট গীৰ্জাই।

    তেনেদৰে অন্য গীৰ্জাঘৰ সমুহতো কিছু কিছু কাৰ্যসুচী বাতিল কৰিছে গীৰ্জাঘৰ কৰ্তৃপৰ্ক্ষই। অনুস্থান প্ৰতিস্থান সমুহতো পূৰ্বৰ দৰে নাই কোনো আয়োজন। মানুহৰ ঘৰবোৰতো তুলনামূলক ভৱে কমি গৈছে গৃহ-সজ্জাৰ উছাহ।

    Photo Credit: Facebook Guwahati Baptist Church

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং