26 C
Guwahati
Thursday, September 29, 2022
More

    জন্মৰ দিনটোতে কৰুণ মৃত্যুক সাৱটিলে ৪ বছৰীয়া ইবনে

    আইতাকৰ চকুৰ সমুখতে মৃ্ত্যু দুই কনমানিৰ

    আইতাকৰ লগত খেলি আছিল এটি ৪ বছৰীয়া আৰু এটি ৭ বছৰীয়া কণমানি। সেই সময়তে দুমহলীয়া ঘৰটোত হ’ল শ্বৰ্ট-চাৰ্কিট। ঘৰটোত মজুত আছিল মুঠ ৬টাকৈ চিলিণ্ডাৰ। শিশু দুটিয়ে খেলি থকাৰ মাজতে সেই শ্বৰ্ট-চাৰ্কিটে বিস্ফোৰণ ঘটালে তাৰে দুটা চিলিণ্ডাৰ। তাৰ পিছতেই জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে ঘৰটো। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হ’ল কনমানি দুটি।

    ঈশান আৰু ইবনৰ আইতাক

    সকলো কেৱল ধ্বংস আৰু মৃত্যু। জুইৰ লেলিহান শিখাই মুহুৰ্ততে আগুৰি ধৰিলে সকলো। দুমহলীয়া অট্টালিকাটোৰ ওপৰ মহলাত কেৱল জুই। খিৰিকিৰ বাটাম, ঝুলনা, একুৰিয়াম, কাপোৰৰ আলমিৰা, ফুলৰ টাব সকলো জুইৰ কৰাল গ্ৰাসত। তাৰ মাজতেই দুটি আৰ্তনাদ।

    ঈশান আৰু ইবনৰ পিতৃ-মাতৃ

    মা, মা কৈ দুই ভাতৃ ইবন আৰু ঈশানে বন্ধ কোঠাৰ ভিতৰত আৰ্তনাদ কৰি আছিল। পিছে ৰক্ষা কৰিবলৈ নাহিল কোনো। পিছত দুই ভাতৃৰ নিথৰ দেহ উদ্ধাৰ অগ্নিনিৰ্বাপক বাহিনীৰ।

    পিতৃ-মাতৃৰে সৈতে ঈশান আৰু ইবন

    বেলতলাৰ অগ্নিকাণ্ড ঘটনাত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ কামৰূপ উপাযুক্তক।

    গুৱাহাটীৰ বেলতলাৰ সমীপৰ ৱায়াৰলেছৰ তুষাৰ গোস্বামীৰ ঘৰত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ আছিল দুয়ো ভাতৃ।

    Photo :Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং