34 C
Guwahati
Saturday, June 3, 2023
More

    ছেলফিয়েই কাল হ’ল এগৰাকী যুৱতীৰ! পানীত পৰি সন্ধানহীন গুৱাহাটীৰ যুৱতী

    সন্ধানহীন প্ৰিয়ংকাক বিচাৰি অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ

    গুৱাহাটীৰ এগৰাকী যুৱতী হিমাচল প্ৰদেশৰ ৰিভাৰ বেংকত ছেলফি তুলিবলৈ গৈ পানীত পৰি সন্ধানহীন হয়। ২৬ বছৰীয়া যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা। হিমাচল প্ৰদেশত ভ্ৰমণৰ বাবে গৈছিল যুৱতীগৰাকী। কুল্লু জিলাৰ কাছলৰ পাৰ্বতী নদীত পৰি সন্ধানহীন হয় যুৱতীগৰাকী।

    তথ্য অনুসৰি প্ৰিয়ংকা আৰু আন এগৰাকী যুৱতী কোমল হিমাচল প্ৰদেশ ভ্ৰমণৰ বাবে গৈছিল। আনন্দ উল্লাসৰ মাজতে দুয়োয়ে পাৰ্বতী নৈত ছেলফি তুলি আছিল। সেই সময়তে দুয়োগৰাকী নদীৰ পানীত পিছলি পৰে যদিও স্থানীয় কেইজনমান লোকে কোমলক উদ্ধাৰ কৰে কিন্তু প্ৰিয়ংকা সন্ধানহীন হয়।

    সন্ধানহীন প্ৰিয়ংকাক বিচাৰি অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং