15 C
Guwahati
Tuesday, January 25, 2022
More

    কৰ’ণা ভাইৰাছ: সতৰ্কতাৰ বাবে স্থগিত ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

    ১৪ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিস্থান খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল

    ৩৩তম গুৱাহাটী গ্ৰন্থমেলা স্থগিত। কৰ’ণা ভাইৰাছ সংক্ৰান্তীয় সতৰ্কতাৰ বাবেই স্থগিত গুৱাহাটী গ্ৰন্থমেলা। ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল অসম প্ৰকাশন পৰিষদৰ এই গ্ৰন্থমেলা।

    ৰাজ্যত কৰ’ণা ভাইৰাছৰ আতংক বিৰাজ থকা অৱস্থাত ইয়াৰ বাবে সতৰ্কতা অৱলম্বণৰ বাবেই এইদৰে স্থগিত ৰাখিব লগা হয় গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত গুৱাহাটী গ্ৰন্থমেলা। অসম ভ্ৰমণ কৰি যোৱা আমেৰিকাৰ পৰ্যটক ভুটানত এই ভাইৰাছত সংক্ৰমিত বুলি ধৰা পৰাৰ পিছতেই সমগ্ৰ অসমজুৰি চলিছে বিশেষ সতৰ্কতা।

    হোলীৰ উৎসৱো আনকি উদযাপনৰ বাবে কিছু সতৰ্কতা জাৰি কৰিছে চৰকাৰে। লগতে গণসমাৱেশ কৰাৰ পৰাও বিৰত থাকিবলৈ আহ্বান জনাইছে চৰকাৰ তথা প্ৰশাসনে।

    সেই বাবেই অসম প্ৰকাশন পৰিষদেও জনসাধাৰণৰ সুৰক্ষাৰ বাবেই এই গুৱাহাটী গ্ৰন্থমেলা স্থগিত ৰাখে। এই বিষয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদমাধ্যক জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

    উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিস্থান খেলপথাৰত এই গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিপূৰ্বেও প্ৰতি ডিছেম্বৰ মাহত অনুষ্ঠিত হৈ অহা এই গ্ৰন্থমেলা নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ বাবে স্থগিত ৰাখিছিল।

    Photo Credit: railyatri.blog

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং