24 C
Guwahati
Thursday, October 21, 2021
More

    ৰূপ সলনি হ’ব বৰঝাৰ বিমানবন্দৰৰ! জনালে Airport Authority Indiaই

    বৰঝাৰস্থিত Airport Authority Indiaৰ উত্তৰ-পূব মূখ্যকাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা জনালে উত্তৰ-পূব আঞ্চলিক পৰিচালক সঞ্জিব জিন্দালে

    নতুন ৰূপ ল’ব গুৱাহাটীৰ বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে। সম্পৰ্ণ নতুন আৰ্হিত উজলিব বিমানবন্দৰটো। সংবাদমেলযোগে এই কথা জনালে Airport Authority Indiaই। বৰঝাৰস্থিত Airport Authority Indiaৰ উত্তৰ-পূব মূখ্যকাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা জনালে উত্তৰ-পূব আঞ্চলিক পৰিচালক সঞ্জিব জিন্দালে।

    ২০২১ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব নতুন টাৰ্মিনেলৰ কাম। বিভিন্ন সা-সুবিধা থাকিব এই নতুন টাৰ্মিনেলত। ১০০০ৰো অধিক CCTV, অগ্নিনিৰ্বাপনৰ বিশেষ সুবিধাকে ধৰি বহুতো অত্যাধুনিক সামগ্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বিমানবন্দৰখনত।

    ১২৩২কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ’ব বিমানবন্দৰতো। বৰ্তমান পুনঃনিৰ্মাণ হৈ থকা বিমানবন্দৰটোত যাত্ৰীৰ সুবিধাৰ বাবে বিভিন্ন ন-ন ব্যৱস্থা অৱলম্বন কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং