30 C
Guwahati
Tuesday, September 27, 2022
More

    অস্কাৰৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰী ৰূপে নিৰ্বাচিত ‘গাল্লী বয়’

    ৯২সংখ্যক অস্কাৰৰ বাবে ‘গাল্লী বয়’ ভাৰতৰ অফিচিয়েল এণ্ট্ৰী হিচাপে বিবেচিত হোৱা বুলি টুইটযোগে জনাইছে ফাৰহান আখতাৰে। তালিকাত থকা ২৭খন ছবিৰ ভিতৰত নিৰ্বাচিত কৰা হৈছে ‘গাল্লী বয়’

    এইবছৰ অস্কাৰৰ বাবে ভাৰতৰ অফিচিয়েল এন্ট্ৰী হিচাপে মনোনীত হৈছে জয়া আখতাৰৰ ‘গাল্লী বয়’ নামৰ হিন্দী ছবিখন। ছচিয়েল মিডিয়াত জয়া আখতাৰৰ ভাতৃ তথা অভিনেতা, ছবি নিৰ্মাতা ফাৰহান আখতাৰে উল্লেখ কৰিছে এই কথা। ৯২সংখ্যক অস্কাৰৰ বাবে ‘গাল্লী বয়’ ভাৰতৰ অফিচিয়েল এণ্ট্ৰী হিচাপে বিবেচিত হোৱা বুলি টুইটযোগে জনাইছে ফাৰহান আখতাৰে। তালিকাত থকা ২৭খন ছবিৰ ভিতৰত নিৰ্বাচিত কৰা হৈছে ‘গাল্লী বয়’।

    ছবিখনত মূল ভূমিকাত অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটে। ছবিখনত কালকী কয়েচলিন আৰু সিদ্ধান্ত চতুৰ্বেদীক দেখা যায় বিশেষ ভূমিকাক। এজন ৰেপাৰৰ সপোন আৰু আশা-প্ৰত্যাশাক লৈ নিৰ্মাণ কৰা হৈছিল এই ‘গাল্লী বয়’ ছবিখন। আনহাতে ছবিখনৰ যুটীয়াভাৱে প্ৰয়োজনা কৰিিলে ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং