20 C
Guwahati
Saturday, January 29, 2022
More

    ধন-সোণৰ লোভ এৰিব পৰা নাই নিলম্বিত সহকাৰী উপ-পৰিদৰ্শকে, পুনৰ গ্ৰেপ্তাৰ

    পূৰ্বে ৰে’ল যাত্ৰীৰ পৰা ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল

    ২০ লাখ নগদ ধনসহ প্ৰায় ৭০ লাখ টকাৰ সোণৰ সৈতে গ্ৰেপ্তাৰ গুৱাহাটী ৰে’লৱে আৰক্ষীৰ নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা। বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ সৰবৰাহ কৰি ফটাশিল আৰক্ষীৰ জালত পৰে এই গৰাকী নিলম্বিত সহকাৰী উপ-পৰিদৰ্শক। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁৰ ভাতৃ সঞ্জয় কুমাৰ ঝাক।

    নিশা ভাতৃৰ সৈতে মিলি এখন বাইকেৰে মহানগৰীৰ লালগণেশৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনসহ প্ৰায় ১.৫০ কিলো ওজনৰ ১০খন সোণৰ বিস্কুট লৈ আহোতেই ফটাশিল আমবাৰী আৰক্ষীৰ জালত পৰি দুয়ো ভাতৃ।

    উল্লেখ্য যে, এই গৰাকী ৰেল’ৱে আৰক্ষীয়ে ফেব্ৰুৱাৰী মাহত ৰে’লযাত্ৰীৰ সুৰক্ষাত নিয়োজিত থকাৰ সময়তে ৰে’ল যাত্ৰীৰ পৰা ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল। আৰু সেই ঘটনাটোৰ বাবেই নিলম্বিত হৈছিল নিজৰ চাকৰিৰ পৰা। পিছে জামিন লাভ কৰাৰ কিছুদিন পিছতে পুনৰ সোণ সৰবৰাহত নামে এই গৰাকী বিষয়াই।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং