25 C
Guwahati
Thursday, October 21, 2021
More

    আজিৰে পৰা জনতা ভৱনলৈ আহিছে কৰ্মচাৰী, ৰাজ্যত খোল খালে অন্যান্য চৰকাৰী কাৰ্যলয় সমূহো

    চৰকাৰী বাছেৰে অনা নিয়া হ'ব সকলো কৰ্মচাৰীকে

    ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে চৰকাৰী কাম কাজ। অৱশ্যে কৰ’ণা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ৩৩ শতাংশ কৰ্মচাৰীৰেহে চলিব লাগিব কাৰ্যালয়। লকডাউনৰ সময়চোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে খোল খালে সচিবালয়। যাৰ বাবে আজিৰে পৰা জনতা ভৱনলৈ আহিছে কৰ্মচাৰীসকল। চৰকাৰী বাছেৰে অনা নিয়া হ’ব সকলো কৰ্মচাৰীকে।

    অৱশ্যে চৰকাৰী নীতি নিৰ্দেশনা মানি জনতা ভৱনত প্ৰৱেশ কৰিছে কৰ্মচাৰী সকলে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰৱেশ পথত ৰখা হৈছে ছেনিটাইজাৰ আৰু হাত ধোৱাৰ বাবে সকলো ব্যৱস্থা। কৰ্মচাৰীসকল যাতে সুৰক্ষিতভাৱে প্ৰৱেশ কৰিব পাৰে সকলো ব্যৱস্থাই কৰা হৈছে জনতাভৱনৰ প্ৰৱেশদ্বাৰতে।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং