15 C
Guwahati
Tuesday, January 25, 2022
More

    কা বিৰোধী প্ৰতিবাদত অংশ লোৱা জাৰ্মান ছাত্ৰক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

    জেকব লিণ্ডেলথালে এখন প্লেকাৰ্ড হাতত লৈ ফুৰিছিল য'ত হিটলাৰৰাজৰ দুঃস্মৃতিক সুঁৱৰি লিখা আছিল '1933 to 1945; We Have Been There'

    জাৰ্মানীৰ এজন ছাত্ৰই কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা বাবেই ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। আই আই টি মাদ্ৰাজত অধ্যয়নৰত জাৰ্মানীৰ ছাত্ৰজনৰ নাম জেকব লিণ্ডেলথাল। আই আই টি মাদ্ৰাজত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছিল জেকবে।

    ২৩ ডিচেম্বৰত কা বিৰোধী প্ৰতিবাদত জেকব লিণ্ডেলথালে এখন প্লেকাৰ্ড হাতত লৈ ফুৰিছিল য’ত হিটলাৰৰাজৰ দুঃস্মৃতিক সুঁৱৰি লিখা আছিল ‘1933 to 1945; We Have Been There’. ইয়াৰ উপৰিও ছাত্ৰজনে ‘No Democracy without Dissent’, ‘Uniformed Criminals = Criminal’ লিখি থোৱা প্লে’কাৰ্ড লৈ ঘূৰি ফুৰিছিল। চেন্নাইবাসীয়ে দেশৰ মানুহৰ অধিকাৰ সুৰক্ষা আৰু মানৱতাৰ বাবে সমৰ্থন আগবঢ়োৱা বাবে জেকবৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। জেকব লিণ্ডেলথালৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কৰা অন্যায়ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে দেশবাসীয়ে।

    Photo Credit: Facebook/chintabar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং