বৃহস্পতিবাৰে ড০ মালিনী গোস্বামীক যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে । গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। ৫ বছৰৰ বাবে উপাচাৰ্য ৰূপে নিযুক্তি ড০ মালিনী গোস্বামীক।
ড০ গোস্ৱামীক ২০১৭ চনত পণ্ডিত তীৰ্থনাথ শৰ্মা-নিৰ্মলা দেৱী মেমৰিয়েল এৱাৰ্ড, ২০১৬ত পুষাদেৱী জালান সাহিত্য পুৰস্কাৰ আৰু ২০০৮ত তেওঁৰ গ্ৰন্থ সংস্কৃত আৰু সাহিত্য অকাডেমী অনুবাদ সন্মানেৰে সন্মানিত কৰা হৈছিল।