26 C
Guwahati
Wednesday, September 28, 2022
More

    এসময়ৰ ‘বৰাকৰ ৰজা’ গৌতম ৰয়ৰ এটা নতুন সপোন

    সোমবাৰে কাটিগড়াত উপস্হিত হয়গৈ গৌতম ৰয় আৰু অংশগ্ৰহণ কৰে বিজেপিৰ এক‍াধিক সাংগঠনিক সভাত। লগতে বিভিন্ন ঠাইত গৌতম ৰয়ক দিয়া হয় সম্বৰ্ধনা

    সৌসিদিনা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা গৌতম ৰয়ে এতিয়া দেখিছে এটা নতুন সপোন। আৰু সেই সপোনটো হ’ল কাটলিছেড়াৰ পৰিৱৰ্তে কাটিগড়াৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ে।
    কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিতহে এতিয়া মন গৌতম ৰয়ৰ। সেয়ে সোমবাৰে কাটিগড়াত উপস্হিত হয়গৈ গৌতম ৰয় আৰু অংশগ্ৰহণ কৰে বিজেপিৰ এক‍াধিক সাংগঠনিক সভাত। লগতে বিভিন্ন ঠাইত গৌতম ৰয়ক দিয়া হয় সম্বৰ্ধনা।

    ২০২১ৰ বিধানসভা নিৰ্বাচনত কাটিগড়া হ’ব নেকি গৌতমৰ পছন্দৰ আসন? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত গৌতম ৰয়ে দলীয় হাইকমাণ্ডৰ সিদ্ধান্তৰ কথাহে কয় অৰ্থাৎ দলে টিকেট দিলে কাটিগড়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে গৌতম ৰয়ে। উল্লেখ্য যে কংগ্ৰেছ দলত খহনীয়া অব্যাহত থকাৰ সময়তে মাত্ৰ এমাহ পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি গৌতম ৰয়ে যোগদান কৰিছে বিজেপিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং