23.7 C
Guwahati
Thursday, October 6, 2022
More

    বিহাৰত বানৰ সন্ত্ৰাস, ২৯ দিনত উটি গ’ল ২৬৪ কোটিটকীয়া দলং

    বিহাৰত বৰষুণ আৰু বানৰ সন্ত্ৰাস অব্যাহত।

    বিহাৰৰ ছপৰাৰ পৰা গোপালগঞ্জলৈ সংলগ্ন থকা ২৬৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হোৱা ছত্তৰঘাট মহাসেতু পানীৰ হেঁচাত ধ্বংস হৈ যায়।

    এই দলংখন ধ্বংস হৈ যোৱাৰ ফলত চম্পাৰণ তিৰহুট আৰু ছাৰণৰ কেইবাখনো জিলাৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হয়।

    এই দলংখনত আহ-যাহ সম্পূৰ্ণৰূপে ব্যাাহত হৈ পৰে।

    প্ৰায় ২৯ দিনৰ ভিতৰত দলংখন পানীত উটি যায়।

    ১৬ জুনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাৰ পৰা ভিডিঅ’ কনফাৰেঞ্চিংযোগে এই দলংখনৰ উদ্বোধন কৰিছিল।

    গোপালগঞ্জক চম্পাৰণ আৰু তিৰহুটৰ কেইবাখনো জিলাৰ সৈতে এই মহাসেঁতুখন সংলগ্ন কৰাৰ মহত্বপূৰ্ণ দলং আছিল।

    এই দলংখন নিৰ্মাণ কৰোতে প্ৰায় ২৬৪ কোটি টকাৰ ব্যয় হৈছে।

    গোপালগঞ্জত ৩ লাখতকৈ অধিক কিউবিক ফুটত পানী বৈ আছিল।

    গণ্ডকৰ ইমান বৃহৎ জলস্তৰৰ হেঁচাত এই দলংখনৰ এপ্ৰোছ ৰোড ভাঙি যায়।

    যাৰ ফলত আহ-যাহ ব্যাহত হয়। গোপালগঞ্জৰ বৈকুণ্ঠপুৰৰ ফেজুল্লাপুৰত এই দলংখন ভাঙি যায়। এই মহাসেঁতুখনৰ নিৰ্মাণ কৰিছিল দলং নিৰ্মাণ বিভাগে।

    ২০১২ৰ পৰা দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল আৰু ২০২০ৰ ১৬ জুনত এই সেঁতুখনৰ উদঘাটন কৰা হৈছিল।

    দলং নিৰ্মাণত অৱহেলা কৰাক লৈ তদন্তৰ দাবী।

    বিহাৰ বিধানসভাত বিৰোধী নেতা তেজস্বী যাদৱে এই ঘটনা সন্দৰ্ভত নীতিশ চৰকাৰক আক্ৰমণ কৰে।

    RJD নেতাগৰাকীয়ে টুইটাৰত লিখিলে যে ২৬৩ কোটি টকাৰে ৮ বছৰত নিৰ্মাণ হ’ল দলংখন কিন্তু ২৯ দিনতে ধ্বংস হৈ গ’ল।

    Photo Credit: navbharattimes

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং