10 C
Guwahati
Saturday, January 29, 2022
More

    শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ, ৰাজ্যত ৯ হাজাৰৰো অধিক শিক্ষক পদৰ বিজ্ঞাপন

    ২০১৮ চনতো একেখিনি পদৰ বাবে আৱেদন আহ্বান কৰিছিল শিক্ষা বিভাগে

    ৰাজ্যৰ শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ। প্ৰকাশ পাইছে ৯ হাজাৰৰো অধিক শিক্ষকৰ পদৰ বিজ্ঞাপন। শিক্ষা বিভাগত খালী হৈ থকা ৯৬৩৫ পদৰ বাবে অনলাইন আৱেদন আহ্বান। ইয়াৰ ভিতৰত আছে প্ৰাথমিক বিদ্যালয়ৰ ৫৫১৫টা পদ আৰু উচ্চ প্ৰাথমিকত ৪১২০ পদ।

    টেট উত্তীৰ্ণ সকলে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৱেদন। ২৭ জানুৱাৰীৰ মাজনিশাৰ পৰা ১১ ফেব্ৰুৱাৰীৰ মাজনিশালৈকে আছে আৱেদনৰ সময়। https://dee.assam.govt.in ৰ জৰিয়তে কৰিব পাৰিব অনলাইন আৱেদন।

    উল্লেখ্য যে, ২০১৮ চনতো একেখিনি পদৰ বাবে আৱেদন আহ্বান কৰিছিল শিক্ষা বিভাগে। পিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ নতুনকৈ আৱেদনৰ ব্যৱস্থা। অৱশ্যে পূৰ্বে আৱেদন কৰা সকলে নতুনকৈ আৱেদন কৰিব নালাগে। পূৰ্বে আৱেদন কৰা সকলে আকৌ আৱেদন কৰিলে খাৰিজ হ’ব আৱেদন।

    Photo Credit: world economic forum

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং