পেট্ৰ’ল আৰু ডিজেলৰ দৈনন্দিন বৰ্দ্ধিত মূল্যই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ইয়াৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। পেট্ৰ’ল আৰু ডিজেলৰ বিকল্প ইন্ধন হিচাপে এতিয়াৰে পৰা আপোনাৰ তিনিচকীয়া বা চাৰিচকীয়া বাহনত ব্যবহাৰ কৰিব পাৰিব CNG অৰ্থাৎ Compresd Natural Gas। শনিবাৰে ডিৱ্ৰুগড়ৰ চৌকিডীঙত মুকলি কৰা হ’ল ৰাজ্যৰ প্ৰথমটো CNG Station।
পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা আৰু বলিন চেতিয়াক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিৱ্ৰুগড়ৰ চৌকিডিঙিত মুকলি কৰিলে ৰাজ্যৰ প্ৰথমটোCompresd Natural Gas চমুকৈ CNG Station ।
ৰাজ্যৰ পৰিবহন বিভাগৰ সহযোগত অসম গেছ কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছে ৰাজ্যৰ এই প্ৰথমটো CNG ষ্টেচন। মূলত প্ৰদূষণ মুক্ত অসম গঢ়াৰ উদ্দেশ্যৰে উত্তৰ-পূবৰ ত্ৰিপুৰাৰ পিছত ৰাজ্যত প্ৰথমটো চি এনজি ষ্টেচন মুকলি কৰা হয়।

অনুষ্ঠানটোতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সতীৰ্থৰ সৈতে চিএনজি অটোও চলায়। উল্লেখ্য যে ডিৱ্ৰুগড়ৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ অন্যান্য জিলাতো চিএনজি ষ্টেচন মুকলি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
DIBRUGARH | Edited by: DULU MEDHI | First Published: Aug 17, 2019