33 C
Guwahati
Wednesday, September 28, 2022
More

    ১৫-২০ কেজি সোণ পিন্ধি ৩০জনকৈ দেহৰক্ষী ৰখা গোল্ডেন বাবাৰ মৃত্যু

    ২৫-৩০জনকৈ দেহৰক্ষী থকা গোল্ডেন বাবা নামেৰে সমগ্ৰ দেশতে পৰিচিত বাবাৰ ৩০ জুন মঙলবাৰে মৃত্যু। দীৰ্ধ সময়ৰ পৰা বেমাৰত ভুগি আছিল বাবা।

    দিল্লীৰ এইমছত চিকিৎসা চলি আছিল এই গোল্ডেন বাবা খ্যাত সুধীৰ মক্কড়।

    এই গোল্ডেন বাবাই নিজৰ সমগ্ৰ দেহতে সোণেৰে নিৰ্মিত অলংকাৰ পৰিধান কৰি ফুৰিছিল। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত প্ৰকৃত ঘৰএই বাবৰ।

    সন্যাসী ধাৰণ কৰাৰ পূৰ্বে দিল্লীত কাপোৰৰ ব্যৱসায় কৰিছিল এই গোল্ডেন বাবা তথা সুধীৰ মক্কড়ে। কোৱা হয় যে, নিজৰ পাপৰ প্ৰায়চিত্ত কৰিবৰ ববােই সন্যাসী হৈছিল সুধীৰ মক্কড়।

    পিছে কিয় তেওঁৰ নাম গোল্ডেন বাবা হ’ল?

    সুধীৰ মক্কড়ে ১৯৭২চনৰ পৰাই সোণ পিন্ধি অতিকে ভাল পাইছিল। সেয়ে তেওঁ কোটি টকাৰ সোণৰ অলংকাৰ পিন্ধিছিল।

    যাৰ বাবে সুৰক্ষাৰ কাৰণে লগত ২৫ ৰ পৰা ৩০ জনলৈ দেহৰক্ষী ৰাখিছিল। সেই বাবেই জীৱিত কালত সদাই চৰ্চাৰ বিষয় হৈ আছিল এই গোল্ডেন বাবা।

    প্ৰত্যেক বছৰেই কেইবা কিলো সোণৰ গহনা পিন্ধি দামী বাহনত উঠি কানৱাৰ যাত্ৰা(Kanwar Yatra) ও কৰিছিল।

    দিল্লীৰ পুৰণি বাসিন্দা সকলৰ মতে এই গোন্ডেন বাবা আৰম্ভণিত এজন দৰ্জিহে আছিল। দিল্লীৰ গান্ধী নগৰত তেওঁৰ কাপোৰৰ ব্যৱসায় আছিল।

    কিন্তু কাপোৰৰ ব্যৱসায় বৰ এটা ভাল পোৱা নাছিল বাবাই। সেয়ে তেওঁ এইবোৰ এৰি হৰিদ্বাৰলৈ গুচি যায়।
    আৰু তাতেই তেওঁ ফুল আৰু কাপোৰ বিক্ৰী আৰম্ভ কৰি।

    পিছে কিছুদিন পিছত তেওঁ সেই কামো এৰি দিয়ে। আৰু পিছলৈ মাটি-বাৰী সম্বন্ধীয় কামত জড়িত হৈ পৰে।

    সেই ব্যৱসায়ত তেওঁৰ ভাল ব্যৱসায় হোৱাৰ পিছত ২০১৩-১৪ চনত সেই কামো এৰি দিয়ে।

    ইয়াৰ পিছত পুনৰ দিল্লীলৈ উভতি আহি গান্ধীনগৰতেই অশোক গলীত নিজৰ আশ্ৰম খুলি লয়। আৰু তাতেই নিজকে গোল্ডেন বাবালৈ পৰিণত কৰে।

    আৰু প্ৰতিটো কানৱাৰ যাত্ৰাতেই ১৫ৰ পৰা ২০ কিলো পৰ্যন্ত সোণ পিন্ধি যাত্ৰা কৰিছিল।

    Photo Credit: jagaran.com and Swarajya

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং