17 C
Guwahati
Sunday, November 20, 2022
More

    মহানগৰীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত উদ্ধাৰ টকা, সোণ আৰু ৰূপভৰ্তি ১০টা বস্তা

    আৰক্ষীয়ে দিনৰ ১২ বজাত বেগ ১০টা জব্দ কৰি টকা গণনা কৰাৰ পিছত সৰ্বমুঠ ৪ লাখ ৮৮ হাজাৰ ৯০০ টকা জব্দ কৰিবলৈ সক্ষম হয়

    মহানগৰীত পল্টনবজাৰ ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে জব্দ কৰিলে ১০টাকৈ বস্তা। কুৰিয়াৰ কৰিবলৈ অহা ১০টা বেগৰ ৪টা বেগত আছিল টকা, সোণসহ ৰূপৰ ষ্টিক। দুজন লোকে বেগকেইটা কুৰিয়াৰ কৰিবলৈ আনোতেই কুৰিয়াৰত কৰ্মৰত অৱস্থাত থকা কৰ্মচাৰীয়ে সোধা-পোছা কৰাত কুৰিয়াৰ অফিচৰ পৰা পলায়ন কৰে যুৱককেইজন। ৰে’ল সুৰক্ষা বাহিনীৰ ভাষ্য অনুসৰি, মঙলবাৰে ১০টা বস্তা লগত লৈ চোলাপাৰা পাৰ্চেল গে’টত প্ৰৱেশ কৰিছিল দুই দুৰ্বৃত্ত।

    আৰক্ষীয়ে মঙলবাৰে দিনৰ ১২ বজাত বেগ ১০টা জব্দ কৰি টকা গণনা কৰাৰ পিছত সৰ্বমুঠ ৪ লাখ ৮৮ হাজাৰ ৯০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৪ হাজাৰ ৯০০ টকা মুদ্ৰা টকা। ইয়াৰোপৰি ৰে’ল সুৰক্ষা আৰক্ষীয়ে ৫ কেজি ১০০ গ্ৰাম ৰূপৰ ষ্টিক আৰু দুটা পেকেটত ৩১ জোৰ সোণৰ খাৰু জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে বাকী ৬টা বেগত আৰক্ষীয়ে শাৰীৰ লগতে কাপোৰ উদ্ধাৰ কৰে। কাপোৰৰ মাজত সুমুবাই আনিছিল এই বৃহৎ পৰিমাণৰ সম্পত্তিখিনি ৷ বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং