23 C
Guwahati
Thursday, October 28, 2021
More

    হেণ্ডকাফ লগাই ২জনক সৰুপথাৰ নগৰত ঘুৰাই ফুৰিছে আৰক্ষীয়ে, পিছে কিয়?

    গোলাঘাট জিলাৰ সৰুপথাৰ নগৰত দুজন যুৱকক হেণ্ডকাফ লগাই সৰুপথাৰ আৰক্ষীয়ে ঘূৰি ফুৰিছে। এটা ঘৰৰ পৰা আন এটা ঘৰত সোমাই আৰক্ষীয়ে বিচাৰিছে তথ্য।

    পিছে কিয় যুৱকক দুজনক হেণ্ডকাপ লগাই ঘূৰি ফুৰিছে সৰুপথাৰ আৰক্ষী?

    যুৱক দুজনৰ নাম ৰোজ আলি আৰু ৰিয়াজ আলি। কিছু দিন পূৰ্বে এওঁলোকে সৰুপথাৰ নগৰৰ মাজমজিয়াত হত্যা কৰিছিল নকছু খান নামৰ এজন যুৱক।

    মুঠ চাৰিজনীয়া এটা দলে মিলি হত্যা কৰিছিল নকছু খান নামৰ এজন যুৱকক। তাৰে তিনিজন ভাই-ককাই।

    হত্যাকাণ্ড সংঘটিত কৰা দুজন ক্ৰমে সঞ্জু আলি আৰু গোলাঘাটৰ ইমৰাণ হুছেইনক ইতিমধ্যে আৰক্ষীয়ে আতক কৰিছিল যদিও বিগত ৫০ দিনে পলাই আছিল হত্যাকাণ্ড লগত জড়িত আন দুজন অপৰাধী।

    কিন্তু আজি পুৱাই দুয়োজনে আৰক্ষীৰ সন্মূখত আত্মসমৰ্পণ কৰে।

    সেয়েহে দুয়োজন হত্যাকাৰীক হত্যা কৰা ঠাইলৈ লৈ যায় আৰু হত্যাত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰ কৰাৰ বাবে অভিযান চলাই।

    উল্লেখ্য যে ১১ মে’ৰ সন্ধিয়া সৰুপথাৰ নগৰৰ মাজমজিয়াত নকছু খান আৰু তেওঁৰ ভাতৃ আকবৰ খান নামৰ দুজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৪ জনীয়া এটা দলে।

    সংকটজনক অৱস্থাত নকছু খানক সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতেই তেওঁৰ মৃত্যু হয়।

    দুজন হত্যাকাৰীক আৰক্ষী সেইদিনাই আটক কৰে যদিও আন দুজন পলায়ন কৰিবলৈ সক্ষম হয়।

    ইফালে ধৃত ৰোজ আলি আৰু ৰিয়াজ আলিয়ে কয় যে মৃত নকছু খানে পলোৱাই নিছিল তেওঁলোকৰ ককায়েক সঞ্জু আলিৰ পত্নীক।

    সেয়াই আছিল হত্যাকাণ্ডৰ মূল কাৰণ। ঘটনা সংঘটিত হোৱাৰ দিনাখন নকছু খান বজাৰলৈ ওলাই আহিছিল।

    পূৰ্বৰ পৰাই খাপ পিটি থকা তিনি ভাতৃ সঞ্জু আলি, ৰোজ আলি, ৰিয়াজ আলিৰ লগতে তেওঁলোকৰ লগত থকা ইমৰাণ হোছেইনে চোকা অস্ত্ৰ আৰু ঈটাৰে মৰিয়াই হত্যা কৰে নকছু খানক।

    Photo Credit: @nobinbora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং