31 C
Guwahati
Wednesday, September 28, 2022
More

    গোলাঘাটত আটক সন্দেহযুক্ত বহিঃৰাজ্যৰ ১৪জন লোক

    গোলাঘাট নগৰৰ এখন হোটেলত বাহৰ পাতি আছিল উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ লোককেইজন

    শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত গোলাঘাটত আটক বহিঃৰাজ্যৰ ১৪জন লোক। কেইখনমান কম্বল আৰু কেইবিধমান সামগ্ৰী লৈ বিক্ৰীৰ উদ্দেশ্যে গোলাঘাটৰ এখন হোটেলত বাহৰ পাতি থকাৰ সময়তে গোলাঘাট আৰক্ষীয়ে আটক কৰে আটাইকেইজনকে। ধৃত লোককেইজন উত্তৰ প্ৰদেশৰ। গুৱাহাটীত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গুৱাহাটী আৰক্ষীয়ে আটক কৰে লোককেইজনক। ধৃত লোককেইজন ইৰানী দলৰ সদস্য বুলি সন্দেহ আৰক্ষীৰ।

    গোলাঘাট নগৰৰ এখন হোটেলত বাহৰ পাতি আছিল উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ লোককেইজন। গোলাঘাটত কেইখনমান কম্বল আৰু কেইপদমান ৰন্ধন সামগ্ৰী লৈ বিক্ৰী বাবে আহিছিল বুলি জানিব পৰা গৈছে যদিও লোককেইজনৰ সন্দেহজনক গতিবিধি তথা কামকাজে আৰক্ষীৰ প্ৰাথমিক তদন্তত বহু ৰসহ্যজনক তথ্য লাভ কৰাত গুৱাহাটী আৰক্ষীক অৱগত কৰে।

    শেহতীয়াকৈ গুৱাহাটীত সংঘটিত বহু অপৰাধজনিত ঘটনাত এই কেইজন জড়িত থকাৰ সন্দেহত জালুকবাৰী আৰক্ষীয়ে জিম্মাত ল’লে উত্তৰপ্ৰদেশৰ লোককেইজনক। আৰক্ষীয়ে মোষ্ট ৱাণ্টেড ইৰাণী গ্ৰুপৰ সদস্য বুলি সন্দেহ কৰিছে যদিও অধিক তদন্তৰ বাবে গুৱাহাটীলৈ লৈ যায় লোককেইজনক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং