গোলাঘাটৰ শালমৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে পিতৃক। তাৰ পিছত পিতৃৰ মৃতদেহ দলিয়ালে পুখুৰীত। অৱশেষত হত্যাকাৰী পুত্ৰ আৰক্ষীৰ জালত। মাতৃৰ কাৰণে পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। নিৰু কৰ্মকাৰ নামৰ হত্যাকাৰীটোৱে পিতৃ বুধুৱা কৰ্মকাৰৰ লগত যোৱা ১০ ডিচেম্বৰৰ নিশা এক কাজিয়াত লিপ্ত হৈছিল। দুয়োৰে মাজত ঘৰৰ ভিতৰতে হতাহতি হোৱাত এডাল বাঁহত পিতৃৰ মূৰটোৰ প্ৰচণ্ড খুন্দা লগাত মুৰ ফালি থিতাতে নিহত হৈছিল বুধুৱা কৰ্মকাৰ।
তাৰপিছত পুত্ৰ নিৰুৱে পিতৃৰ মৃতদেহটো ঘৰৰ ওচৰৰ এটা পুখুৰীত দলিয়াই দি সমগ্ৰ ঘটনা গাপ দিয়াৰ যত্ন কৰিছিল। কিন্তু ১৯ দিনৰ পিছত পুখুৰীত মৃতদেহটো ওপঙি থকা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰাৰ পাছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী নিৰু কৰ্মকাৰক।ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে গোলাঘাটত।
Photo Credit:@rajibkarmakar