বিজেপি সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ পিছত দলৰ আন এগৰাকী বিধায়কে নাথুৰাম গডছেক আখ্যা দিলে ‘দেশভক্ত’ বুলি। অসমৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে প্ৰজ্ঞা সিং ঠাকুৰৰ হকে মাত মাতি নাথুৰাম গডছেক প্ৰকৃত দেশভক্ত বুলি মন্তব্য কৰিলে। বিধায়কগৰাকীয়ে ইণ্ডিয়া টুডে
ৰ সৈতে হোৱা সাক্ষাত্কাৰত ক’লে যে ‘মই প্ৰজ্ঞা ঠাকুৰক ছেল্যুট কৰিছো, কাৰণ তেওঁ সঁচা কথা কৈছে। ভাৰতত সঁচা কথা কোৱা লোক প্ৰায় তাকৰ।
বিজেপি বিধায়গৰাকীয়ে ক’লে যে, ‘ভাৰতত এনেকুৱা কম মানুহ আছে যিয়ে সঁচা কথা কয়। মহাত্মা গান্ধীয়ে কৈছিল যে যদি ধৰ্মৰ আধাৰত কোনোৱে দেশ বিভাজন কৰে তেন্তে তেওঁৰ মৃত শৰীৰৰ ওপৰেদি পাৰ হৈ যাব লাগিব কিন্তু এনেকুৱা হৈ নুঠিল। আমি দেখিলো দেশৰ বিভাজন হ’ল আৰু দুখন দেশৰ গঠন কৰা হ’ল। পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান। ইয়াৰ পিছত পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানত হিন্দুৰ বিৰুদ্ধে আন্দোলন চলি আছিল, আৰু ইয়াক গান্ধীজীয়েও ৰখাব পৰা নাছিল। নআখলীত নৰসংহাৰ হৈছিল আৰু ইয়াত একমাত্ৰ হিন্দু ভুক্তভোগী হৈছিল।
শিলাদিত্য দেৱে কৈছিল, ‘মই এইটো কোৱা নাই যে মহাত্মা গান্ধী বিবাদিত ৰাজনৈতিক নেতা আছিল কিন্তু তেওঁ হিন্দুসকলৰ বাবে যি কৰিলে সেয়া উচিত নাছিল। ইয়াৰ বাবে যিকোনো এজন উচিত লোকে স্বাভাৱিকভাৱে ইয়াৰ বিৰোধিতা কৰিব। সম্ভৱত গডছে অলপ আক্ৰমনাত্মক আছিল আৰু তেওঁ হিন্দুক হত্যা কৰা দেখি যথেষ্ট দুখ অনুভৱ কৰিছিল। বিভাজনৰ পিছতো ভাৰত চৰকাৰ পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানক বহুত অধিক সহায় কৰিছিল আৰু ইয়াৰ দ্বাৰা আমাৰ অৰ্থব্যৱস্থাত ব্যাঘাত জন্মাইছিল। কোনোৱেও মহাত্মা গান্ধীক এইবিলাকত বাধা দিব পৰা নাছিল।