27 C
Guwahati
Wednesday, October 13, 2021
More

    গোৱালপাৰাত প্ৰায় ৩২৫ কাৰ্টন বিলাতী সুৰা জব্দ

    ঘটন সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে দুজন লোকক ক্ৰমে নিপুল ৰাভা আৰু ৰাজেশ ৰাভা

    গোৱালপাৰাৰ খাৰবজাত বৃহৎ পৰিমাণৰ অবৈধ ভাৱে মজুত কৰি ৰখা বিলাতী সুৰা জব্দ । প্ৰায় ৩২৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে । দুৰ্নীতি নিবাৰক শাখা আৰু আৱকাৰী বিভাগৰ ই আই পিৰ গোপন সূত্ৰৰ ভিক্তিত গোৱালপাৰা আৱকাৰী বিভাগৰ সহযোগত জব্দ কৰা হয় এই বৃহৎ পৰিমানৰ বিলাতী সুৰা ।

    ঘটন সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে দুজন লোকক ক্ৰমে নিপুল ৰাভা আৰু ৰাজেশ ৰাভা । নৰনাৰায়ণ আৰক্ষী তালাচী চকীৰ ৫০ মিটাৰ নিলগত এই অভিযান দুৰ্নীতি নিবাৰক শাখাৰ । বহু দিনৰ পৰাই এনেদৰে অৰুণাচলৰ পৰা আনি মজুত কৰি গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চলাই আছে সুৰাৰ এই অবৈধ ৰমৰমীয়া বেহা ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং