19 C
Guwahati
Sunday, November 27, 2022
More

    মহানগৰীত বেআইনীভাৱে চলা আৰু অনুজ্ঞাপত্ৰবিহীন বহু ব্যৱসায় প্ৰতিষ্ঠানে ভৰিলে জৰিমনা

    খাদ্য সুৰক্ষা বিভাগৰ আইনক বুঢ়া আঙুলি দেখুৱাই প্ৰস্তুত খাদ্যত নাই কোনো স্বচ্ছতা

    পৌৰ নিগম, খাদ্য সুৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু মহানগৰ প্ৰশাসনৰ যৌথ অভিযানত পদপথত বেআইনীভাৱে চলা বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে অনুজ্ঞাপত্ৰবিহীন বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠানে ভৰিব লগা হ’ল জৰিমনা। জেবি ৰেষ্টুৰেণ্টৰ ম্যাদ উকলা নথি-পত্ৰ লগতে ৰান্ধনীশালৰ কদৰ্য ৰূপ৷

    খাদ্য সুৰক্ষা বিভাগৰ আইনক বুঢ়া আঙুলি দেখুৱাই প্ৰস্তুত খাদ্যত নাই কোনো স্বচ্ছতা ৷ একেটা ফ্ৰীজতে ৰাখি থয় মাছ, আইচক্ৰীম, বিভিন্ন ধৰণৰ জুইচৰ বটল। জালুকবাৰী পৰা আদাবাৰীলৈ চলা এই অভিযানত বহু কেইখন ব্যৱসায় প্ৰতিষ্ঠানে ভৰিলে জৰিমনা ৷ মহানগৰীত থকা প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত চলিব এই অভিযান। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বেআইনীভাৱে চলা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ওপৰত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং