27 C
Guwahati
Friday, November 25, 2022
More

    RTI কৰ্মী দুলাল বৰাৰ বাসগৃহত উচ্ছেদ অভিযান গুৱাহাটী পৌৰ নিগমৰ

    ইফালে দুলাল বৰাৰ কন্যা পূজা বৰাৰ অভিযোগ কোনোধৰণৰ জাননী নিদিয়াকৈ ঘৰ উচ্ছেদ কৰিছে

    RTI কৰ্মী দুলাল বৰাৰ বাসগৃহত উচ্ছেদ অভিযান। খানাপাৰাস্থিত বাসগৃহত গুৱাহাটী পৌৰ নিগম, আৰক্ষী বাহিনী, অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ উচ্ছেদ অভিযান চলায়। অভিযানত উচ্ছেদ কৰা হ’ল ১৮নং বাসগৃটোত থকা ৪খনকৈ দোকান। অবৈধভাৱে চৰকাৰী মাটিত অট্টালিকা নিৰ্মাণ কৰিছিল দুলাল বৰাই। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই প্ৰশাসনে আজি উচ্ছেদ কৰিলে বাসগৃহটো।

    ইফালে দুলাল বৰাৰ কন্যা পূজা বৰাৰ অভিযোগ কোনোধৰণৰ জাননী নিদিয়াকৈ ঘৰ উচ্ছেদ কৰিছে। দুলাল বৰাৰ কন্যাই ক’লে যে-উচ্চ ন্যায়ালয়ে ৪৫ দিনৰ বাবে ঘৰটোত থাকিব দিছিলে। ১৫ মাৰ্চত তেওঁলোকৰ এই সময়সীমা শেষ হৈছে কিন্তু তাৰ পূৰ্বে ১২ মাৰ্চত কন্যাই এখন আৱেদন পত্ৰ প্ৰেৰণ কৰিছিলো গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তলৈ।

    পিতৃ জিম্মাত আছিল আৰু মাতৃ অসুস্থ হৈ থকাৰ লগতে ঘৰৰ আৰ্থিক অৱস্থাও যথেষ্ট উন্নত নাছিল আৰু আমাক অলপ সময় দিয়াৰ কথা। কিন্তু আজি পুৱা কোনো জাননী নিদিয়াকৈ ১১ বজাত চলাই এই উচ্ছেদ অভিযান।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং