12.5 C
Guwahati
Saturday, January 29, 2022
More

    প্ৰেমিকৰ অত্যাচাৰ সবিব নোৱাৰি খুটাত বান্ধি ঝাড়ুৰে খোবালে প্ৰেমিকাই

    অত্যাচাৰী প্ৰমিকে সদাই হাত তোলে প্ৰমিকাৰ ওপৰত। সৰু সৰু কথাতে মাৰ পিট কৰে প্ৰমিকাক।সদায় প্ৰেমিকৰ প্ৰতি থকা প্ৰেমৰ বাবে সকলো অত্যাচাৰ নিৰৱে সহ্য কৰি যায়।

    পিছে অকল মাৰপিট কৰাই নহয় বিশ্বসঘাটো কৰিলে প্ৰেমিকে। কোৰ্টত গোপনে বিয়া পাতি একেলগে থাকিবলৈয়ো ল’লে।

    কিন্তু ঘৰত বিয়া দিবলৈ ভনিয়েক থকাৰ অজুহাত দেখুৱাই ঘৰলৈ নিনিলে বিবাহিতা পত্নীক। আৰু প্ৰতিটো কথাতে মাৰপিট আৰম্ভ কৰিলে।

    পিছত এদিন সেই ঠাইতে অকলশৰীয়া কৈ এৰি থৈ আহে পত্নীক। জানিব পৰা মতে দুয়ো প্ৰেমিক-প্ৰেমিকা ওচৰা ওচৰি গাঁৱৰে।

    এই ঘটনা সংঘটিত হৈছে বিহাৰত। ৰাজ্যখনৰ কাটিহাৰ জিলাৰ জয়প্ৰকাশ নগৰৰ এই ঘটনা।

    প্ৰেমিকে এৰি থৈ অহাৰ পিছত উগ্ৰ হৈ পৰিছিল প্ৰেমিকা। সেয়ে কোনো প্ৰকাৰে নিজ ঘৰত উপস্থিত হৈ বাট চাই ৰৈছিল ভণ্ড প্ৰেমিকলৈ।

    এদিন ভণ্ড প্ৰেমিক নিজ ঘৰলৈ বুলি উভতি অহাত গাঁওৰ ৰাইজে ধৰি মেলি বান্ধি থয় খুটাত।

    আৰু তাতেই প্ৰেমিকাই ঝাড়ুৰে ওধাই মুধাই কোবাই তাক।

    পিছত এই সম্পূৰ্ণ ঘটনা গাঁওৰ পঞ্চায়ত সমিতিয়েই মিমাংশা কৰি দিয়ে।

    ভণ্ড প্ৰমিকে সকলোৰে আগত ক্ষমা খোজে প্ৰেমিকাক। আৰু ভুক্তভোগীৰ ইচ্ছানুসাৰে দুয়োৰে বিচ্চেদ কৰাই দিয়া হয়।

    Photo Credit: Aajtak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং