বঙাইগাঁৱৰ পাতিলাদহাত এগৰাকী কলেজীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে। প্ৰেমিকে ফোনেৰে গালি দিয়া বাবে এই চৰম পথ বাচি লয় ছাত্ৰীগৰাকীয়ে। মাণিকপুৰস্থিত চিলাৰায় একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ লগতপংকজ মণ্ডল নামৰ এজন যুৱকৰ প্ৰেমৰ সম্পৰ্ক আছিল।
প্ৰেমিক পংকজে যুৱতীগৰাকীক এটা মোবাইল ফোন দিছিল আৰু সেই মোবাইলটো মাকে লৈ যোৱাত প্ৰেমিকে ফোনৰে গালি দিয়াত পুৱা আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। যুৱতীগৰাকীক মানিকপুৰ মডেল হাস্পতালত ভৰ্তি কৰা হৈছিল যদিওঁ চিকিৎসকে মৃত্যু ঘোষণা কৰে।
যুৱকজনে বিভিন্ন সময়ত যুৱতীগৰাকীক ফোন কৰি অশ্লীল শব্দ ব্যৱহাৰ কৰাৰো অভিযোগ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে মানিকপুৰ থানাত এজাহাৰ দাখিল কৰে। ছাত্ৰীগৰাকীৰ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছে।