বৰপেটাৰ নগাঁৱত ছাত্ৰীৰ চুৰিকাঘাটত নিহত প্ৰৱঞ্চক প্ৰেমিক। মৃত প্ৰেমিক যুৱকজনৰ নাম মহিদুল ইছলাম। ছাত্ৰীগৰাকীৰ লগত দীৰ্ঘদিনৰে পৰা প্ৰেমৰ সম্পৰ্ক আছিল মহিদুলৰ। বি বি কে কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকী।
তিনি দিন পূৰ্বে মহিদুলে আন এগৰাকী যুৱতীক বিয়া কৰাইছিল। সোমবাৰে বি বি কে কলেজৰ কাষলৈ মহিদুলক মাতি আনিছিল প্ৰেমিকা ৰুনুমাই। হঠাতে ৰুনুমাই চুৰিৰে আঘাত কৰে মহিদুলক।
থিতাতে ঢলি পৰা মহিদুলৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।