বঙাইগাঁৱত বিশাল মেগা মাৰ্টত সামগ্ৰী চুৰি কৰাৰ মিছা অভিযোগ তুলি জোৰকৈ কাপোৰ খুলি নিৰ্যাতন চলালে শ্বপিং মলটোৰ কৰ্মচাৰীয়ে। ঘটনাটোৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মলটোৰ ভিতৰত। ঘটনাৰ পিছতে অনিদিৰ্ষ্টকালীনভাৱে শ্বপিং মলটো বন্ধ কৰি দিলে আক্ৰাছুয়ে।
ভুক্তভোগী যুৱতীগৰাকীয়ে আৰু আক্ৰাছুয়ে পৃথকে পৃথকে থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ পিছতে বিশাল মেগা মাৰ্ট কৰ্তৃপক্ষই ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে আক্ৰাছুক।
বৃহস্পতিবাৰে বঙাইগাঁৱৰ বিশাল মেগা মাৰ্ট শ্বপিং মলত সন্ধিয়া ৭ বজাত এগৰাকী যুৱতী বজাৰ কৰিবলৈ আহিছিল। বজাৰ কৰি কাউণ্টাৰত ধন আদায় দি ঘৰলৈ ওভতাৰ পথত সন্মুখৰ পৰা টানি লৈ গৈ যুৱতীগৰাকীক সামগ্ৰী চুৰি কৰাৰ অভিযোগ তুলি তালাচীৰ বাবে কাপোৰ খুলিবলৈ বাধ্য কৰায়।
Guwahati | Edited by: Dulu Medhi