22 C
Guwahati
Sunday, December 5, 2021
More

    ডবকাত এগৰাকী আদিবাসী যুৱতীক ধৰ্ষণৰ পিছত হত্যা কৰা সন্দেহ, ২জন যুৱক গ্ৰেপ্তাৰ

    ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ গাওঁখনৰেই কেইজনমান যুৱকৰ বিৰুদ্ধে

    হোজাইৰ ডবকাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

    ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ গাওঁখনৰেই কেইজনমান যুৱকৰ বিৰুদ্ধে।

    ঘটনাটো মঙলবাৰে সংঘটিত হৈছে যদিও বুধবাৰে নিশাহে পোহৰলৈ আহে।

    মঙলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি একেখন গাঁৱৰে ছানি গৌড়, উৎপল বৰা আৰু দুজন যুৱকে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি পিছত ডিঙিত ৰচিৰে ফাঁচী লগাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

    যুৱতীগৰাকীৰ চিঞৰ শুনি উদ্ধাৰ কৰিবলৈ যোৱা ভিনীয়েক অৰূপ পানিকা আৰু প্ৰেমিক অনিল পানিকাক অভিযুক্ত যুৱককেইজনে মাৰপিট কৰাৰো অভিযোগ।

    মৃত যুৱতীগৰাকীৰ আত্মীয়ই বুধবাৰে ডবকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে৷ ডবকা আৰক্ষীয়ে ইতিমধ্যে মূল অভিযুক্ত ছানি গৌড়ক গ্ৰেপ্তাৰ কৰি সোধাপোছা অৱ্যাহত ৰাখিছে।

    একাঁংশ স্থানীয় লোকে কোৱা অনুসৰি এইটো এটা আত্মহত্যাৰ ঘটনা।

    ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং