26 C
Guwahati
Friday, October 7, 2022
More

    কাগজ-পত্ৰ জমা নিদিয়াকৈ বিনামূলীয়াকৈ মিনিটতে পাওক PAN কাৰ্ড

    পেন কাৰ্ড আৱেদন কৰিবলৈ আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট

    এতিয়াৰে পৰা পেন কাৰ্ডৰ বাবে আপোনালোকে কাৰ্যালয়লৈ দৌৰি ফুৰিব নালাগে। আয়কৰ বিভাগে অনতিপলমে পেন কাৰ্ড লাভ কৰিবৰ বাবে ই-পেন সুবিধা আৰম্ভ কৰিছে। এই সুবিধাৰ আধাৰত আৱেদনকাৰীসকলক Pdf formatত পেন কাৰ্ড জাৰি কৰা হ’ব লগতে সেয়া সম্পূৰ্ণভাৱে বিনামূলীয়া। আয়কৰ বিভাগৰ ৱেবছাইট অনুসৰি, ই-পেন অথবা ইনষ্টেণ্ট পেনৰ বাবে আৱেদন কৰাসকলৰ লগতে থাকিব লাগিব বৈধ আধাৰ আৰু আপোনাৰ মোবাইল নম্বৰ আধাৰৰ সৈতে লিংক হোৱাটো প্ৰয়োজনীয়।

    পেন কাৰ্ড আৱেদন কৰিবলৈ আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট (www.incometaxindiaefiling.gov.in)ত যাব লাগিব আৰু ‘Instant pan through Adhar’ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ‘নিউ পেন’ত ক্লিক কৰি আধাৰ কাৰ্ডত লিখা থকা সংখ্যা পূৰণ কৰিব লাগিব। তাৰ পিছত আপুনি পঞ্জীয়ন কৰা মোবাইল নম্বৰত এটা OTP আহিব, সেই OTP নম্বৰটো টেক্স বক্সত ভৰাই ছাবমিট Optionsটো নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত এখন ৰচিদ জেনেৰেট হ’ব, য’ত এটা সংখ্যা লিখা থাকিব।

    পেন ডাউনলোড কৰিবলৈ আপুনি ‘Check status of PAN’ অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আধাৰ নম্বৰ দি ছাবমিট কৰিব লগিব আৰু আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াক জমা দিয়াৰ পিছত আপুনি চেক কৰিব পাৰে যে পেন আবণ্টিত হৈছে নে নাই হোৱা। পেন আবণ্টিত হোৱা স্থিতিত ডাউনলোড ক্লিক কৰি আপুনি ই-পেনৰ পিডিএফ লাভ কৰিব পাৰে।

    আয়কৰ বিভাগৰ ৱেবছাইটৰ অনুসৰি, ই-পেনৰ বাবে আপুনি যিকোনোপ্ৰকাৰে দস্তাৱেজ আপলোড কৰাৰ প্ৰয়োজন নাই। ইয়াৰ দ্বাৰা আপুনি ১০ মিনিটত পেন কাৰ্ড লাভ কৰিব পাৰে।

    Photo credit: businesstoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং