ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ অভিযুক্ত ৪৫ জনৰ জামিন আবেদন নাকচ। মূল অভিযুক্তসহ ৪৫জনৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। লগতে সাক্ষ্য ক্ৰয়ৰ অভিযোগত ৪ জনৰ অগ্ৰিম জামিন আবেদনো নাকচ কৰে আদালতে।
এবছৰ পূৰ্বে ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জানত কৰা জঘন্য ঘটনাটো। গুৱাহাটীৰ পৰা কাৰ্বি পাহাৰত ফুৰিবলৈ গৈছিল গুৱাহাটীৰ যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাস। কাংথিলাংছ’ৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা অভিজিৎ আৰু নীলোৎপলক বাট আগচি ধৰিছিল এজাক নৰাধমে। অন্ধবিশ্বাসী নৰাধমৰ দলটোৱে সোপাধৰাৰ সন্দেহত আক্ৰমণ চলাইছিল দুই যুৱকৰ ওপৰত।