চৰাইদেউৰ সোণাৰিত দুজন ভুৱা আলফা আটক। ধৃত বিতুপন বৰুৱা আৰু অৰূপ চেতীয়াক সোণাৰি আৰক্ষী থানাত জেৰা অব্যাহত। মোবাইল মেছেজৰ জৰিয়তে আলফা নেতা গনেশ লাহনৰ নামত ধন দাবী কৰিছিল দুই ভুৱা আলফাই।
বৰহাটৰ ব্যৱসায়ী বিজিত দেক দুই লাখ টকা দাবী কৰিছিল ধৃতদ্বয়ে। বিতুপনৰ ঘৰ সোণাৰিৰ বৰহাট চাংমাই গাঁৱত আৰু অৰূপৰ ঘৰ চফ্ৰাইত।