12.5 C
Guwahati
Saturday, January 29, 2022
More

    কালিৰে পৰা ৰাজ্যত খুলিব পাৰিব ৫০% কৰ্মচাৰীৰে চৰকাৰী আৰু ৩৩% কৰ্মচাৰীৰে ব্যক্তিগত কাৰ্যালয়

    কাইলৈৰ পৰা ৫০ শতাংশ যাত্ৰীৰে চলিব ASTCৰ বাছ

    কাইলৈৰ পৰা দেশৰ লগতে ৰাজ্যতো আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ লকডাউন। পিছে এই লকডাউনৰ সময়ত গ্ৰীণ আৰু অৰেঞ্জ জ’নত থাকিব কিছু শিথিলতা। কি কি শিথিলতা লাভ কৰিব অসমৰ ৰাইজে, সেই সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰি সদৰি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

    কৰণাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীৰ এই সংবাদমেল। অসমৰ ক’ত কি কি ব্যৱস্থা কৰা হৈছে ক’ত শিথিল হ’ব, ক’ত ক’ত প্ৰতিবন্ধকতা থাকিব? আদি সকলো সদৰি কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

    বিগত এটা মাহতকৈয়ো অধিত সময় ঘৰতে বন্দি হৈ থকা ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰী সকললৈ সুখবৰ। কাইলৈৰ পৰা অসমত খুলিব পাৰিব ব্যক্তিগত কাৰ্যালয়। অৱশ্যে ৩৩ শতাংশ কৰ্মচাৰীৰেহে খুলিব পাৰিব কাৰ্যালয় সমূহ। আনহাতে৫০ শতাংশ কৰ্মচাৰীৰে চৰকাৰী কাৰ্যালয়সমূহ খুলিব পাৰিব বুলি সংবাদমেল যোগে সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।

    অৱশ্যে প্ৰতিটো ব্যক্তিগত অথবা চৰকাৰী কাৰ্যালয়ত থাৰ্মেল স্কেনাৰ, ছেনিটাইজাৰ, হাত ধোৱাৰ ব্যৱস্থা আদি থাকিব লাগিব। কাৰ্যালয়সমূহ নিয়মীয়াকৈ ছেনিটাইজ কৰিব লাগিব।

    উল্লেখ্য যে, কাৰ্যালয় বা কিছুমান জৰুৰী আৰু আৱশ্যকীয় সেৱাৰ অনুমতি থকা দোকান-পোহাৰৰ বাহিৰে বাণিজ্যিক কমপ্লেক্স, শ্বপিং মল, বজাৰ আদি খোলাৰ অনুমতি প্ৰদান কৰা নাই বৰ্তমানে। লগতে অনুমতি নাই হোটেল, ৰেস্তোৰাঁ, চেলুন, পাৰ্লাৰ আদি খোলাৰ।

    আনহাতে বাহনৰ ক্ষেত্ৰতো দিছে সতৰ্কতাবানী, কেৱল জৰুৰী আৰু আৱশ্যকীয় সেৱাৰ অনুমতি থাকিলেহে চলাব পাৰিব ব্যক্তিগত বাহন। লগতে কাইলৈৰ পৰা ৫০ শতাংশ যাত্ৰীৰে চলিব ASTCৰ বাছ। বাছ আস্থানসমূহৰ পৰা ৫০ শতাংশ বাছহে চলাচল কৰিব।

    Photo Credit: @sarbanandsonwal

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং