27 C
Guwahati
Thursday, December 2, 2021
More

    কাইলৈ পৰা ৰাজ্যত বন্ধ শাক-পাচলি, মাছ-মাংসৰ দোকান, ঘৰেতে যোগান ধৰা হ’ব সকলো: সৰ্বানন্দ সোণোৱাল

    হাতযোৰ কৰি অসমৰ ৰাইজক লগডাউনৰ ২১ দিন ঘৰত সোমাই থাকিবলৈ অনুৰোধ জনায়

    ৰাজ্যত চাৰিওফালে বজাৰ খোলা নোখোলাক লৈ হৈ থকা খেলি মেলিৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য৷ ৰাজ্যত কালিৰে পৰা বন্ধ সকলো শাক-পাচলিৰ লগতে মাছ-মাংসৰ দোকান৷ সকলো প্ৰয়োজনীয় পাচলি ঘৰতে যোগান ধৰা হব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে৷

    অসম চৰকাৰে সকলো অত্যাৱশ্যকীয় সামগ্ৰী আৰু শাক পাচলি ঘৰে ঘৰে যোগান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে৷ খোলা থাকিব কেৱল ফাৰ্মাচী আৰু গেলামাল দোকানহে৷ লগতে হাতযোৰ কৰি অসমৰ ৰাইজক লগডাউনৰ ২১ দিন ঘৰত সোমাই থাকিবলৈ অনুৰোধ জনায়৷

    ৬৫ বছৰৰ উৰ্ধৰ আৰু ১০ বছৰৰ লোকৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা লবলৈ আহ্বান জনায়৷ লগতে ইয়াকো ঘোষণা কৰে যে লগডাউন উলংঘা কৰিলে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব৷

    যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ৷ COVID 19ৰ সৈতে যুঁজ দিবলৈ কেনেদৰে সাঁজু যোৰহাট চিকিৎসা মহাবিদ্যালয় তাৰেই বুজ লবলৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী৷

    Photo Credit: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং