অসমত আজিৰে পৰা আৰম্ভ হ’ব ৰেপিড টেষ্টিং। ইয়াৰ বাবে ভাৰত চৰকাৰে অসম চৰকাৰক দিছে মুঠ ৯,৬০০টা কিট। কেন্দ্ৰীয় চৰকাৰে দিয়া কিটেৰে কৰা হ’ব এই ৰেপিড টেষ্টিং। IGG কিটেৰে কৰা হ’ব টেষ্টিং।
কেন্দ্ৰীয় চৰকাৰে দিয়াৰ বাহিৰেও ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ কিনিব টেষ্টিং কিট। এই IGG কিটেৰে কেৱল মাত্ৰ ১৫ মিনিটৰ ভিতৰতে জানিব পৰা যাব মানুহৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি।
প্ৰথম অৱস্থাত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন আৰু আঠগাঁও কবৰস্থানত কৰা হ’ব ৰেপিড টেষ্টিং। আনহাতে মৰিগাঁৱৰ লাহৰিঘাটতো প্ৰথম পৰ্যায়ত কৰা হ’ব ৰেপিড টেষ্টিং। বাকী থকা কিটসমূহ ৰখা হব GMCHত। জিলা চিকিৎসালয়তো ৰখা হ’ব টেষ্টিং কিট।
Photo Credit: Magzter