30 C
Guwahati
Tuesday, September 27, 2022
More

    ২৩ ছেপ্টেম্বৰৰ পৰা কামাখ্যা দেৱালয়ত পালন হ’ব দুৰ্গা পূজা, এইখিনি সময়ত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ

    ২৩ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা পালন কৰা হ'ব কামাখ্যা ধামত আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচীৰে দেৱালয়ৰ দুৱাৰ খোলা-বন্ধ ৰখাৰ ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে

    কামাখ্যা ধামত পালন কৰা হ’ব দুৰ্গা পূজা। ২৩ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা পালন কৰা হ’ব কামাখ্যা ধামত আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচীৰে দেৱালয়ৰ দুৱাৰ খোলা-বন্ধ ৰখাৰ ব্যৱস্থা কৰিছে পৰিচালনা সমিতিয়ে।

    ২৩ ছেপ্টেম্বৰ (৫ আহিন) : শাৰদীয় দুৰ্গা পূজাৰ নৱম্যাদি কল্পাৰম্ভ

    ২৩ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰ (৫-৭ আহিন)লৈকে পুৱা ৮.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ। দুপৰীয়া ভোগ নিৱেদন। বিয়লি সূৰ্যাস্তৰ পাছত বন্ধ কৰা হ’ব দুৱাৰ।

    ২৬ ছেপ্টেম্বৰ (৮ আহিন)ত পুৱা ৯.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ। দুপৰীয়া ভোগ নিৱেদনৰ পাছত সূৰ্যাস্তৰ পাছত পুনৰ বন্ধ কৰা হ’ব মন্দিৰৰ দুৱাৰ।

    ২৭ আৰু ২৮ ছেপ্টেম্বৰ (৯, ১০ আহিন)ত পুৱা ৮.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ। দুপৰীয়া ভোগ নিৱেদনৰ পাছত বিয়লি সূৰ্যাস্তৰ পাছত বন্ধ কৰিব দুৱাৰ।

    ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰ (১১-১৫ আহিন)লৈকে পুৱা ৮.৩০ বজাত খোলা হ’ব দুৱাৰ। ভোগ নিৱেদনৰ পাছত বিয়লি ৪ বজাত (যাত্ৰী সংৰক্ষণ স্থলীত) কৰা হ’ব বন্ধ।

    ৪ অক্টোবৰ (১৬ আহিন) – ষষ্ঠ পূজা : পুৱা ৯.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ আৰু বন্ধ কৰা হ’ব বিয়লি ৪ বজাত।

    ৫ অক্টোবৰ (১৭ আহিন) – সপ্তমী পূজা : পুৱা ৯.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ আৰু বন্ধ কৰা হ’ব বিয়লি ৪ বজাত।

    ৬ অক্টোবৰ (১৮ আহিন) – অষ্টমী পূজা : পুৱা ১০.৩০ বজাত খুলিব দুৱাৰ, সন্ধিপূজা উপলক্ষে দিনৰ ১.৩০ বজাত বন্ধ কৰিব ভোগ ঘৰৰ দুৱাৰ। সন্ধিপূজাৰ পাছত দুৱাৰ মুকলি কৰি বিয়লি ৪ বজাত বন্ধ কৰিব মন্দিৰৰ দুৱাৰ।

    ৭ অক্টোবৰ (১৯ আহিন) – নৱমী পূজা : পুৱা ১০.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ আৰু বন্ধ কৰিব বিয়লি ৪ বজাত।

    ৮ অক্টোবৰ (২০ আহিন) – দশমী পূজা : পুৱা ৮.৩০ বজাত খোলা হ’ব মন্দিৰৰ দুৱাৰ। দিনত নিৱেদন কৰি সূৰ্যাস্তৰ পাছত বন্ধ কৰিব দুৱাৰ।

    আনহাতে পৰিস্থিতি সাপেক্ষে মন্দিৰ খোলা আৰু বন্ধৰ সময়ৰ সাল-সলনি ঘটিব পাৰে বুলি জনাইছে দেৱালয় পৰিচালনা সমিতিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং