লকডাউনৰ মাজতো অব্যাহত আছে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান। সমগ্ৰ বিশ্বতে কৰ’ণাই সন্ত্ৰাস চলোৱাৰ পিছতো সন্ত্ৰাসবাদীয়ে এৰা নাই কূটাঘাটমূলক কাৰ্য ৰচনা কৰা ব্লুপ্ৰিণ্ট। ২৫ মাৰ্চত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰাত সেনাৰ গুলীত ৩ সন্ত্ৰাসবাদী নিহত হোৱাৰ পিছত পুনৰ দেওবাৰে সুৰক্ষা বলৰ গুলীত নিহত হ’ল ৪জন সন্ত্ৰাসবাদী।

জন্মু-কাশ্মীৰৰ কুলগ্ৰামত সুৰক্ষা বল আৰু সন্ত্ৰাসবাদীৰ মাজত ৪ ঘন্টা ধৰি চলা শ্বাসৰুদ্ধকৰ গুলীয়াগুলীৰ পিছত ৪জন সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰে সুৰক্ষা বলে।কাশ্মীৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি সুৰক্ষা বলৰ সৈতে ভাৰতীয় সেনা,চিআৰপিফ,আৰু আৰক্ষীয়ে যুটীয়াভাৱে এই সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাইছিল।
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান বহুত ডাঙৰ সফলতা বুলি গণ্য কৰা হৈছে। উল্লেখ্য যে এই বৰ্ষত এতিয়ালৈকে নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৫৮জনলৈ বৃদ্ধি পালে।