শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা, পুৱা প্ৰায় ৫ বজাত এখন বাহনেৰে গৈ থকাৰ সময়তে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো, ফলত থিতাতে মৃত্যু ঘটে বাহনখনৰ চালক প্ৰিয়ম মেছৰ লগতে সুৰক্ষা কৰ্মী বিপুল হাজৰিকা, বনকৰ্মী প্ৰশান্ত দত্ত আৰু নিজামুদ্দিনৰ।
আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰেঞ্জাৰ বুবুল বৰুৱা আৰু সুৰক্ষাকৰ্মী নাজিমুদ্দিনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ হাস্পতাললৈ।
উল্লেখ্য যে শিৱসাগৰৰ কোনো এটা অঞ্চলত উপদ্ৰৱ চলাইছিল বনৰীয়া হাতীয়ে, বন্যহস্তীৰ উপদ্ৰৱক লৈ আতংকিত হৈ পৰিছিল স্থানীয় ৰাইজ। সেই খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীলৈ গৈছিল বন বিভাগৰ দলটো ওৰে নিশা চেষ্টা চলাই হাতী খেদি পঠিয়াবলৈ সক্ষম হোৱাৰ পিছতে পুৱাৰ ভাগতহে উভতি আহিছিল কাৰ্যালয়লৈ আৰু তেনে সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাটো কিদৰে সংঘটিত হৈছে জানিব পৰা নাই যদিও কোনো বাহনে মহটিয়াই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।