18.8 C
Guwahati
Saturday, March 25, 2023
More

    শিলচৰৰ বিলত উদ্ধাৰ বস্তাই বস্তাই চফগুটি, পিছে কোনে কিয় এনেদৰে পেলালে বৃহৎ সংখ্যক চফগুটি?

    শিলচৰত এক নতুন চিণ্ডিকেটৰ কাহিনী সম্মুখলৈ অহাৰ সম্ভাৱনা

    শিলচৰত ৰহস্যজনক ভাৱে উদ্ধাৰ শ শ বস্তা চফগুটি৷ মাছিমপুৰ কুমাৰপাৰৰ মজিলবিল নামৰ এটা বিলৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৩০০ বস্তা চফগুটি৷ ৰাতিপুৱা স্থানীয় লোকে চফগুটিৰ বস্তা সমূহ প্ৰত্যক্ষ কৰাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ কোনে কিয় এনেদৰে পেলালে বৃহৎ সংখ্যক চফগুটি?

    খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় শিলচৰ আৰক্ষী৷ চফগুটিৰ বস্তা সমূহ উদ্ধাৰক লৈ শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে বস্তাসমুহ উদ্ধাৰ কৰি তদন্তত নামিছে৷ চফগুটি সমুহ বিলত উদ্ধাৰৰ আঁৰত কি কাৰণ হব পাৰে সেয়া স্পষ্ট হোৱা নাই।

    যদিও অনুমান কৰা হৈছে কোনাৱে জনশুণ্য স্থানত এই বৃহৎ পৰিমানৰ চফগুটি সমুহ লুকাই ৰাখিছিল৷ আনহাতে ঘটনাটোক লৈ শিলচৰত এক নতুন চিণ্ডিকেটৰ কাহিনী সম্মুখলৈ আহিছে৷ জানিব পৰামতে চফগুটিৰ এটা বস্তাৰ বজাৰমূল্য প্ৰায় ৩ হাজাৰ টকা৷

    Photo: @yasinmazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং