30 C
Guwahati
Wednesday, October 5, 2022
More

    ওদালগুৰিত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদকসহ কেইবা শতাধিক লোকৰ বিজেপিত যোগদান

    নেতাজনে লগতে আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অংশগ্ৰহণ কৰিলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি দাবী কৰে

    সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত ওদালগুৰি চহৰত থকা বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় যোগদান সভা। সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়ো, বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মনোজ বড়োৰ লগতে প্ৰাক্তন এবছু, বিপিএফৰ কৰ্মীসহ কেইবা শতাধিক লোকে যোগদান কৰে বিজেপিত।

    এবছু কৰ্মীসহ প্ৰায় শতাধিক সমৰ্থকেৰে দলটোত যোগদান কৰি এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক ৰিঞ্জয় বড়োয়ে বিজেপিত যোগদান কৰি আগন্তুক দিনত দলটোৰ যোগেৰে ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু বিজেপি দলক ভূয়সী প্ৰশংসা কৰে। আগন্তুক সময়ত বিটিচিত কেৱল বিজেপি দলহে থাকিব বুলি মন্তব্য কৰে। নেতাজনে লগতে আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অংশগ্ৰহণ কৰিলে ক্ষমতালৈ অহাটো নিশ্চিত বুলি দাবী কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং